সোণাৰি বিধান সভা সমষ্টিৰ নজবকাত টিয়ক নদীৰ গৰাখহনীয়া। যিকোনো সময়তে নদীৰ বুকুত জাহ যাব পাৰে নজৱকা আৰু অৰুণাচল প্ৰদেশৰ কানুবাৰী সংযোগী গড়কাপ্তানী পথ। পথৰ পকী অংশ খহাবলৈ মাত্ৰ দুফুট বাকী, ইমানৰ পাছতো সাৰ পোৱা নাই বিভাগীয় কতৃপক্ষই। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰে আগবঢ়োৱা অনুদানেৰে স্থানীয় ৰাইজে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও আজিলৈকে কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল। যাৰ ফলত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈছে ৰাইজ।