টিংখাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। নিজ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মৃতদেহৰ মূৰত গুৰুতৰ আঘাতৰ চিন । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত। গাওঁখনৰ নিতুল শইকীয়া আৰু তেওঁৰ দুই পুত্ৰ কৰ্মসূত্ৰে চেন্নাইত থাকে। ঘৰত কেৱল নিতুলৰ পত্নী প্ৰায় ৪০ বছৰীয়া নিৰদা শইকীয়া অকলশৰে থাকে। ইয়াৰে সুযোগ গ্ৰহণ কৰি দুবৃত্তই মহিলা গৰাকীৰ মূৰত কোনো গধুৰ বস্তুৱে আঘাত কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। কালিয়েই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে যদিও আজি পোহৰলৈ অহাত সন্ধিয়া ঘটনা স্থলীত টিংখাং আৰু ৰাজগড় আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। ইফালে মহিলা গৰাকীয়ে থকা ঘৰটোৰ আগফালৰ দৰ্জা খন বন্ধ থকাৰ বিপৰীতে পাছফালৰ দৰ্জাখন খোলা হৈ আছে। আৰু মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। মৰোনত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পাছত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। কি পৰিস্থিতিত মহিলা গৰাকী হত্যাৰ বলি হব লগা হল ইয়াক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চিকিৎসকৰ দায়িত্বহীনতা ! নিজৰ চালকক কৰিব দিছিল যুৱতীৰ চিকিৎসা, পোহৰলৈ আহিল সমগ্ৰ ঘটনা
ধেমাজি অসামৰিক চিকিৎসালয়ত যোৱা ৬ আগষ্টত ২২ নম্বৰ কোঠাৰ চিকিৎসকজনৰ পৰিবৰ্তে তেওঁৰ গাড়ী চালকেই...
Lok Sabha Election 2024: Jamia University को लेकर PM Modi ने कह दी बड़ी बात! | Aaj Tak
Lok Sabha Election 2024: Jamia University को लेकर PM Modi ने कह दी बड़ी बात! | Aaj Tak
চেপন গাঁও পঞ্চায়তত হৰ ঘৰতিৰংগা কাৰ্য্যসুচীৰ ৱাৰ্ডে ৱাৰ্ডে ৱাৰ্ড-সভা
চেপন গাঁও পঞ্চায়তত হৰ_ঘৰ_তিৰংগা কাৰ্য্যসুচীৰ ৱাৰ্ডে ৱাৰ্ডে ৱাৰ্ড সভা
#AzadiKaAmritMahotsav ৰ...
કોંગ્રેસના મેન્ડેટને લઈ જેમની ટીકીટ ફાઈનલ છે તેમને ફોર્મ ભરવાની તૈયારી કરવા આપી સુચના
કોંગ્રેસના મેન્ડેટને લઈ જેમની ટીકીટ ફાઈનલ છે તેમને ફોર્મ ભરવાની તૈયારી કરવા આપી સુચના
ઉપલેટા પાલિકા દ્વારા કરવેરામાં ૧૦ ટકા રાહત
ઉપલેટા પાલિકા દ્વારા કરવેરામાં ૧૦ ટકા રાહત