অক্ষয় কুমাৰ, অনুপম খেড় অভিনীত বলীউডৰ জনপ্ৰিয় ছবি স্পেচিয়েল ২৬ চিনেমাখন হয়টো সকলোৰে মনত আছে। ছবিখনত ভুৱা চি আই ডি হৈ অক্ষয় কুমাৰৰ নেতৃত্বত এটা দলে এটাৰ পিছত এটাকৈ চলাই গৈছিল লুণ্ঠন।

ঠিক সেইদৰে অসমৰো গুৱাহাটীত চিনেমাখনৰ কায়দাৰে লুণ্ঠন চলোৱাৰ অভিসন্ধি ৰচা এটা দলক মঙলবাৰে উৎখাত কৰিছে গুৱাহাটী আৰক্ষীয়ে।

অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দিয়া তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, এই তিনিজন লোকে মহানগৰীৰ বিভিন্ন সৰু সৰু দোকানত অভিযান চলোৱাৰ নাটক ৰচি লুণ্ঠন চলাই আহিছিল।

‘আৰক্ষীৰ ৰূপত অভিনয় কৰা দলটোৱে ড্ৰাগছ সৰবৰাহৰ অভিযোগ তুলি জু ৰোড তিনিয়ালিৰ এজন পান দোকানৰ মালিকক লুটিছিল’, আৰক্ষীয়ে এই কথা জনায়।

এই দলটোৱে আৰু কোনো ঠাইত লুটপাত চলোৱাৰ পৰিকল্পনা ৰচি থাকোতেই গীতানগৰ আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোক কেইজনক ক্ৰমে, নলবাৰীৰ চালাউদ্দিন শ্বেখ, জু তিনিআলীৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু গুৱাহাটীৰে ভাস্কৰ নগৰৰ ৰুবুল আলী বুলি চিনাক্ত কৰিছে।

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।