সমাজ কল্যাণ বিভাগত নিযুক্তিৰ নামত বৃহৎ জালিয়াতি। হাতীগাঁও আৰক্ষীৰ জালত এগৰাকী প্ৰবঞ্চক মহিলা গ্ৰেপ্তাৰ হোৱাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে। 

আৰক্ষীৰ জালত পৰা ধৃত মহিলা গৰাকী মহানগৰীৰ ছয়মাইলৰ জিনা বেগম। 

বহুকেইজন নিবনুৱাৰ পৰা মুঠ ২ কোটি ২০ লাখ টকা আত্মসাতৰ কথা স্বীকাৰ কৰিছে ধৃত মহিলা গৰাকীয়ে। 

উল্লেখ্য যে ২০২০ চনত সমাজ কল্যাণৰ চতুৰ্থ বৰ্গ আৰু কাৰ্যালয় সহায়কত চাকৰি দিম বুলি কুৰি জনৰো অধিক নিবনুৱাৰ পৰা সৰকাইছিল ধন। 

নিবনুৱা সকলৰ পৰা ধন লোৱাৰ পিছত ভুৱা নিযুক্তি পত্ৰও প্ৰদান কৰিছিল মহিলাগৰাকীয়ে। 

আনকি খবৰ কাগজত নিযুক্তিপ্ৰাপ্তৰ ভুৱা তালিকাও প্ৰচাৰ কৰিছিল এইগৰাকী মহিলাই। 

ভুক্তভোগী নিবনুৱা সকলৰ এজাহাৰৰ ভিত্তিত আজি সন্ধিয়া হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক মহিলা গৰাকীক।