দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  মহাৰজত জয়ন্তী উপলক্ষে সংবাদমেল সম্বোধন উদযাপন সমিতিৰ।

চলিত অক্টোবৰ মাহৰ ৰ ১৭ তাৰিখে অনুষ্ঠিত হ'ব মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠান৯

১৯৪৮ চনতে পশ্চিম দৰঙত  স্থাপিত দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্বল ৭৫  বৰ্ষপূৰ্ত্তি উপলক্ষে বিদ্যালয়ৰ   মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷ আগন্তুক ২০২৩ বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হবলগীয়া  মহাৰজত জয়ন্তীৰ বাবে ইতিমধ্যে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীক সভাপতি, ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াক কাৰ্যকৰী সভাপতি , বিদ্যালৰ অধ্যক্ষ ৰাজেন্দ্ৰ চৌধুৰী আৰু উপাধ্যক্ষ শৰৎ চন্দ্ৰ শৰ্মাক যুটীয়া সম্পাদক হিচাবে লৈ এখনি উদ্‌যাপনৰ সমিতি গঠন কৰা হৈছে। উল্লেখযোগ্য যে ১৯৪৭ চনৰ ১৭ অক্টোবৰত বিদ্যালয় স্থাপনৰ প্ৰথম খন ৰাজহুৱা সভা অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত ১৭ অক্টোবৰত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠানখনি অনুষ্ঠিত কৰিব। ৷