২০১৮ চনৰ ২৫ জানুৱাৰী তাৰিখে ডিমাহাচাও জিলাত ভূমি ৰক্ষা বিষয়ত আন্দোলন কৰিবলৈ গৈ পুলিচৰ গুলীত ডিমাহাচাও জিলাৰ মৃত্যঞ্জয় আৰু প্ৰকাণ্ড নামৰ দুজন যুৱক শ্বহীদ হোৱাত ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল। আৰু এই দুজন শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আজি মাইবঙত সদৌ অসম ডিমাচা ছাত্ৰ সন্থা আৰু ডিমাহাচাও ৰাইজৰ উদ্যোগত দুয়ো শ্বহীদৰ নামত এটি শ্বহীদ ভৱন মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থা উপদেষ্টা সমুজ্জল ভটাচাৰ্য্য আৰু ডিমাচা ছাত্ৰ সন্থা সভাপতি নৱীন জহৰিয়ে ৷আছুুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক কঠোৰ সমালোচনা কৰি কয় – ‘জেহাদী মৌলবাদী অলকায়দা অসমত কিয় প্ৰৱেশ কৰিব পাৰিলে? অসম চুক্তি দফাসমূহ কাৰ্যকৰী নকৰাৰ বাবে এই দশা হৈছে অসমত ৷ বিদেশী চিনাক্তকৰণ নোহোৱাৰ লগতে, ভোটাৰধীকাৰত নাম কৰ্তন নোহোৱাত হুৰা হুৰে অবৈধ বাংলাদেশী প্ৰৱেশ হৈছে। মুঠতে চৰকাৰসমূহৰ ব্যৰ্থতা বাবে এনে সমস্যাৰ সৃষ্টি হৈছে ৷ ইয়াৰোপৰি অসমত অসমীয়া মাধ্যম , বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমকে ধৰি সকলো জনগোষ্ঠীৰ ভাষাৰ বিকাশ কৰাত চৰকাৰে ব্যৱস্থা ল’ব লাগে।

’কেবিনেটত চৰকাৰে যি চৰকাৰী স্কুলসমূহ ভৱিৎষতে প্ৰাদেশীকৰণ নকৰা তথা তৃতীয় শ্ৰেনীৰ পৰা দ্বাদশ শ্ৰেনীলৈ বিজ্ঞান আৰু গণিত ইংৰাজী ভাষাত কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।’ আৰু সেই সিদ্ধান্তৰ পৰস্পৰতা বিৰুধীতা কৰি আছু উপদেষ্টা গৰাকীয়ে কয় যে ‘চৰকাৰে অসমীয়া মাধ্যম, বড়ো মাধ্যম তথা মাতৃভাষা মাধ্যমক মাধমাৰ সোধাই চৰকাৰে এই চৰকাৰী বিদ্যালয়সমূহ ধ্বংস গৰাহলৈ ঠেলি দিছে ৷

যি সময়ত চৰকাৰে ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজসমূহৰ পাঠ্যক্ৰম অসমীয়া ভাষাত পঢ়িব লাগিব বুলি জনায় তেনে সময়ত আকৌ গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজীত পঢ়িব লাগিব বুলি জাপি দিয়া সিদ্ধান্তক বিৰুধীতা কৰাৰ লগতে প্ৰত্যাহাৰ কৰিবলৈ আছুৱে দাবী জনায় চৰকাৰক ৷