মাজুলীৰ চেলেক চাপৰি বিৱেকানন্দ বিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস পালন :মাজুলীৰ চেলেক চাপৰি বিৱেকানন্দ বিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস পালন : বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা : 

মেধাৱী ছাত্ৰ- ছাত্ৰীক পুৰস্কাৰ দিলে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকে : 

বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ছাত্র- ছাত্ৰীৰ লগতে অভিভাৱকে : সামাজিক নাটক " ৰংপুৰ " মঞ্চস্থ

   মাজুলী জিলাৰ নামনি মাজুলীৰ চেলেক চাপৰি বিৱেকানন্দ বিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে । বিদ্যালয়ৰ প্ৰাংগণত আজি পালন কৰা উক্ত প্ৰতিষ্ঠা দিৱসত ভাগ ললে বিদ্যালয়ৰ শ শ অভিভাৱকৰ লগতে শ শ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্র- ছাত্ৰীয়ে । উক্ত, প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত পেগুয়ে । পুৱা ন' বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । বিদ্যালয়ৰ ভূমি দাতা তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুনিন্দ্ৰ নাথ কমানে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন- কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয় । চেলেক চাপৰি বিৱেকানন্দ বিদ্যালয়ৰ পৰা বালিজান তিনিআলিলৈকে উলিওৱা উক্ত সাংস্কৃতিক শোভাযাত্ৰাত শ শ অভিভাৱক, ন- পুৰণি ছাত্ৰ ছাত্ৰীয়ে ৰোৱনী, ডাৱনী, ছাহ বাগান, মিচিং, অসমীয়া, দেউৰী ,মাছুৱৈ , আৰ্য সংস্কৃতি প্ৰদৰ্শন কৰি স্থানীয় ৰাইজক আকৰ্ষিত কৰে । 

      দুপৰীয়া ১১ 'বজাৰ পৰা বিদ্যালয়ৰ প্ৰাংগণত নিৰ্মাণ কৰা বৃহৎ মঞ্চত মুকলি সভা অনুষ্ঠিত হয় । বিদ্যালয়ৰ ছাত্র- ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতৰে আৰম্ভ হোৱা মুকলি সভাত আদৰণী অভিভাষন পাঠ কৰে অধ্যক্ষ নীলকান্ত পেগুয়ে । মুনিন্দ্ৰ নাথ কমানে সভাপতিত্ব কৰা মুকলি সভাত মুখ্য অতিথিৰ ভাষন প্ৰদান কৰে মাজুলী জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত দেৱ নাৰায়ণ হাজৰিকাই । সভাত বিশিষ্ট অতিথি হিচাপে আউনীআটী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া, পীতাম্বৰদেৱ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱক্তা ভবেন কাকতি, নামনি মাজুলী জিলা পৰিষদৰ সদস্য ৰাজশ্বেখৰ দলে, স্থানীয় শিক্ষক অমৰ কুলি, সমাজকৰ্মী অনিল টাইদ, সঞ্জীৱ দলে,নিৰন ভৰালী , যদু কলিতা আৰু আপেল দলেয়ে উপস্থিত থাকি ভাষন প্ৰদান কৰে । 

    উক্ত, মুকলি সভাত দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চন্দন চুবেয়ে তেওঁৰ পিতৃ চন্দদীপ চুবে আৰু মাতৃ পণ্ডিত ৰামকুমাৰী চুবেৰ স্মৃতিত প্ৰদান কৰা "বিদ্যালয়ৰ মেধা বঁটা-২০২২" প্ৰদান কৰা হয় । উক্ত বঁটা অষ্টম শ্ৰেণীত সৰ্বোচ্চ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ- ছাত্ৰী ক্ৰমে মানস কুলি আৰু বন্তি পেগুক প্ৰদান কৰি পাঁচ হেজাৰ টকাকৈ প্ৰদান কৰা হয় । উক্ত, মুকলি সভাত দিল্লী হংসৰাজ কলেজৰ অধ্যাপক ড০ প্ৰভাংশু ওজাই তেওঁৰ পিতৃ বিদ্যাসাগৰ ওজাৰ স্মৃতিত প্ৰদান কৰা "শ্ৰেষ্ঠ তাৰ্কিক বঁটা-২০২২" বন্তি পেগু আৰু মনোৰঞ্জন মিছঙক প্ৰদান কৰা হয় । সভাত বিদ্যালয়ৰ ছাত্ৰী জোনালী পেগুক" মিছ বিৱেকানন্দ মুকুট" প্ৰদান কৰা হয় ।

 সভাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্র- ছাত্ৰীসকলে বিদ্যালয়ৰ শিক্ষকসকলক সম্বৰ্ধনা জনায় । সভাত বিদ্যালয়ৰ খেল সপ্তাহৰ পুৰস্কাৰ সমূহো প্ৰদান কৰা হয় । লগতে পূৰ্বে আয়োজিত ৰন্ধন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰে । 

   বিয়লি এক বজাৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । বিদ্যালয়ৰ শিক্ষক মনোজ কুলি আৰু ছাত্ৰ সত্য নাৰায়ণ পেগুয়ে পৰিচালনা কৰা সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্র- ছাত্ৰীৰ লগতে সকলো অভিভাৱক অভিভাৱিকাই দলীয় আৰু একক ভিত্তিত বিভিন্ন নৃত্য- গীত পৰিৱেশন কৰে । সন্ধ্যালৈকে উক্ত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । 

     সন্ধ্যা সাত বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে সমাজকৰ্মী অনিল টাইদে । উক্ত সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক মনোজ কুলিয়ে ৰচনা কৰা , উৎপল দাসে পৰিচালনা কৰা " " সামাজিক নাটক" ৰংপুৰ" মঞ্চস্থ কৰা হয় ।