সোণাৰিত ব্যৱসায়ীক মৃত্যুৰ প্ৰচেষ্টা চলোৱা ঘটনাৰ প্ৰতিবাদত ব্যৱসায়ীৰ প্ৰতিবাদ। 

সোণাৰিত ব্যৱসায়ীক মৃত্যুৰ প্ৰচেষ্টা চলোৱা ঘটনাৰ প্ৰতিবাদত ব্যৱসায়ীৰ  প্ৰতিবাদ

ঘটনাত জড়িত এজনক আটক আৰক্ষীৰ

আন দুজনক শীঘ্ৰেই কৰায়ত্তৰ দাবী ব্যৱসায়ীৰ , অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি

 যোৱা তিনি অক্টোবৰত সোণাৰিৰ পাচলি ব্যৱসায়ী খচৰুল ইছলামক আন এজন পাচলি ব্যৱসায়ী চিয়াবউদ্দিন আহমেদে পৰিয়ালৰ আন দুজন উদণ্ড যুৱকক লগত লৈ গুৰুলাগুৰুল ভাৱে মাৰপিট কৰি গুৰুতৰ ভাৱে আঘাত কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাৰ প্ৰতিবাদত আৰু ঘটনাত জড়িত দোষী সকলক শীঘ্ৰেই আটক কৰাৰ দাবীত আজি পাচলি বজাৰ সন্থা, মাছ বজাৰ সন্থা আৰু মদিনা মাৰ্কেট ব্যৱসায়ী সন্থাই দিনৰ দহ বজাৰ পৰা মদিনা মাৰ্কেটৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে যোৱা নিশা সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই ঘটনাটোৰ মূল নায়ক চিয়াবউদ্দিন আহমেদক আটক কৰে যদিও ঘটনাৰ সৈতে জড়িত আন দুজন ক্ৰমে তেওঁৰে পৰিয়ালৰ চাহিদ আহমেদ আৰু আখতাৰ আহমেদ এতিয়াও পলাতক অৱস্থাত আছে । আজি প্ৰতিবাদ কৰা ব্যৱসায়ী সকলে শীঘ্ৰেই এটা দুজনক আটক কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে । অন্যথা ব্যৱসায়ী সকলে ইয়াতকৈও তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি স্পষ্ট কৰি দিছে । উল্লেখযোগ্য যে শাৰদীয় দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে যোৱা তিনি অক্টোবৰত পুৱা প্ৰায় ১০ মান বজাত সোণাৰি দৈনিক বজাৰৰ বি.পি.চি. ৰোড'ৰ পাচলি ব্যৱসায়ী খচৰুল ইছলাম আৰু উদণ্ড পাচঁলি ব্যৱসায়ী চিয়াবউদ্দিন আহমেদৰ মাজত ব্যৱসায়ীক সংক্ৰান্তত তৰ্ক-বিতৰ্কৰ সূত্ৰপাতৰ সৃষ্টি হয়। তৰ্ক-বিতৰ্কতেই ক্ষান্ত নাথাকি উদণ্ড চিয়াবউদ্দিন আহমেদে খচৰুল ইছলামৰ ওপৰত উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। উদণ্ড চিয়াবউদ্দিনৰ নিজা ভতিজা ছাহিদ আহমেদ আৰু আখতাৰ আহমেদেও খচৰুল আহমেদৰ ওপৰত উপৰ্যুপৰি মাৰপিটত লিপ্ত হয়। উদণ্ড চিয়াবউদ্দিন নিজা দোকানত থকা লোহৰ ৰ'ড এডাল আনি খচৰুল আহমেদক মূৰত প্ৰহাৰ কৰাৰ ফলত মূৰৰ লাওঁখোলাৰ পৰা তেজেৰে লুথুৰি পুথুৰি হৈ মাটিত ডলি পৰে খচৰুল। সুবিধা বুজি উদণ্ড চিয়াবউদ্দিন আৰু ভতিজা ছাহিদ আহমেদ, আখতাৰ আহমেদে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আঘাতপ্ৰাপ্ত খচৰুল ইছলামক ততাতৈয়াকৈ পৰিয়ালৰ লোকে সোণাৰি অসামৰিক চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি খচৰুল ইছলামক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। পাছদিনা অৰ্থাৎ চাৰি অক্টোবৰত আঘাতপ্ৰাপ্ত খচৰুল ইছলামৰ মগজুৰ এক জটিল অস্ত্ৰোপ্ৰচাৰৰ সম্পন্ন হয় যদিও খচৰুল ইছলামৰ মানসিক ভাৰসাম্য তথা সংজ্ঞাহীন হৈ আজিলৈকে অচেতন হৈ মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে । আঘাতপ্ৰাপ্ত খচৰুল ইছলামক আক্ৰমণ কৰা উদণ্ড ব্যক্তিকেইজন একেটা পৰিয়ালৰ । খচৰুল ইছলামক হত্যাৰ চেষ্টা কৰা উক্ত উদণ্ড মূল পলাতক অভিযুক্ত চিয়াব উদ্দিন আহমেদ, ভতিজা দ্বয় চাহিদ আহমেদ আৰু আখতাৰ আহমেদেক অতি শীঘ্ৰে আটক কৰি উদণ্ড লোককেইজনৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আঘাতপ্ৰাপ্ত খচৰুল ইছলামৰ পৰিয়ালৰ লোকৰ লগতে "অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ"ৰ চৰাইদেউ জিলা সমিতি, সোণাৰি দৈনিক শাক-পাচলি ব্যৱসায়ী সন্থাই পৃথকে পৃথকে সোণাৰি সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ।