ছিপাঝাৰ বিধানসভা সমষ্টিৰ গণেশকুঁৱৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কলিতাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষানুষ্ঠানখনিৰ চৌপাশ, কাৰ্যালয়, শৈক্ষিক পৰিৱেশ, গুণগত পাঠদান, শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতি, নিৰ্মীয়মান আন্তঃগাথঁনি ইত্যাদি দিশসমূহ পৰ্যবেক্ষণ কৰে বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে।
ইয়াৰ উপৰিও বিদ্যামন্দিৰৰ আগন্তুক ৰূপালী জয়ন্তী সন্দৰ্ভত বতৰা গ্ৰহণ কৰি নিৰ্মীয়মান আন্তঃগাথঁনিৰ কাম-কাজ সমূহ এই জয়ন্তীৰ সময়লৈ কিদৰে সম্পন্ন কৰিব পাৰি সেই লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু কৰ্তৃপক্ষৰ সৈতে সৌজন্যমূলক আলাপ-আলোচনাত মিলিত হয়।