বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ প্ৰবাৰনা তিথি পালন

আজি বৌদ্ধ সকলৰ পবিত্ৰ প্ৰৱাৰনা তিথি ৷অসম আৰু অৰুনাচলৰ বৌদ্ধ ধৰ্মাৱবলম্বী লোক সকলৰ লগতে আজি চৰাইদেউ জিলাৰ ঐতিহাসিক চলাপথাৰ শ্যাম গাৱঁৰ টাই খাময়াং ৰাইজেও এই তিথি পালন কৰে ৷দক্ষিন পূৱ এচিয়াৰ বৌদ্ধ ধৰ্মাৱবলম্বী লোকসকলে অসমীয়া কেলেণ্ডাৰ অনুসৰি প্ৰতিবছৰে আহাৰী পূৰ্ণিমাৰ পৰা আহিনৰ পূৰ্ণিমালৈকে তিনিমহীয়া ব্ৰত পালন কৰে ৷এই সময়ছোৱাত গাৱঁৰ বয়োবৃদ্ধ সকল ৰ লগতে আন ৰাইজেও প্ৰতি সপ্তাহত এটা দিন বাধ্যতামূলকভাৱে বৌদ্ধ বিহাৰলৈ যায় আৰু উক্ত দিনটো বিশেষ তিথি ৰূপে মানি বুদ্ধৰ শিক্ষাৰ ওপৰত চৰ্চা কৰে ৷বয়োবৃদ্ধ সকলে এই সময়খিনিত বুদ্ধৰ অষ্টাংগীক মাৰ্গ সম্পূৰ্ণ ৰূপে মানি চলিব লাগে আৰু তাৰ লগতে আন ৰাইজে পঞ্চশীল নীতি মানি চলাৰ ওপৰত গুৰুত্ব দিয়ে ৷এই তিনিমাহ বৌদ্ধসকলে বিবাহ কাৰ্য সমাপন নকৰাৰ লগতে আন কিছু বাধা নিষেধ মানি চলে ৷এই তিনিমহীয়া বৰ্ষাব্ৰতৰ শেষৰ তিথিয়েই হৈছে প্ৰৱাৰণা তিথি ৷টাই ভাষাত ইয়াক কোৱা হয় "চাতাং অক ৱা "৷আজি চলাপথাৰ শ্যাম গাৱঁৰ ডেকা গাভৰু সকলৰ উদ্যোগত গাৱঁখনত ২০২২ প্ৰৱাৰণা তিথি পালন কৰি বৰ্ষাব্ৰতৰ সামৰণি মৰা হয় ৷এই উপনক্ষে দিনৰ ভাগত ধৰ্মীয় অনুষ্ঠান থমট্ৰা ৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা বিভিন্ন আয়োজন কৰা হয় ৷সন্ধিয়া লৈ বন্তি প্ৰজ্বলন , পুং ফাই নিক্ষেপ আৰু টাই আৰু অসমীয়া ভাষাৰ গীত নৃত্যৰ এক অনুষ্ঠানেৰে প্ৰৱাৰণাৰ তিথিৰ সামৰণি মৰা হয় ৷