উজনিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে চেক জালিয়াতিৰ দৰে এক গুৰুতৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত৷ অভিযোগ অনুসৰি বিদ্যালয়খনৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই বৰ্তমানৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিক অন্ধকাৰত ৰাখি পূৰ্বৰ সভাপতিৰ স্বাক্ষৰত ইয়াশ ষ্টৰ (Yash Stor) নামৰ মৰাণ নগৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানক চেক ইচু কৰাৰ তথ্য পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আব্দুল জেলিলক চলিত বৰ্ষৰ ২২ মাৰ্চত শিক্ষানুষ্ঠানখনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হিচাপে চৰকাৰে মনোনিত কৰে৷ কিন্তু অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়াগৰাকীয়ে পৰিচালনা সমিতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচত অধ্যক্ষ ভট্টাচাৰ্যই চলিত বৰ্ষৰ জুন মাহৰ ৩০ তাৰিখে পূৰ্বৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাজীৱ বৰাৰ স্বাক্ষৰত উক্ত ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ নামত ৯২,২৭০ (বিৰানব্বৈ হাজাৰ দুশ সত্তৰ) টকাৰ এখন চেক ইচু কৰি আগষ্ট মাহতহে ব্যৱসায়ীগৰাকীৰ হাতত অৰ্পণ কৰে৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল– অধ্যক্ষগৰাকীৰ এনে চেক জালিয়াতিৰ তথ্য ইতিমধ্যে পোহৰলৈ অহাৰ পাচতো বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই৷ ইফালে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি তথা বন বিভাগৰ পৰা কোনো ধৰণৰ অনুমোদন বা অনুমতি নোলোৱাকৈ অধ্যক্ষ ভট্টাচাৰ্যই নিজৰ খেয়াল-খুচি মতে বিদ্যালয় চৌহদৰ গছ-গছনি কাটি তহিলং কৰা কাৰ্যক শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ সচেতন ৰাইজে সহজভাৱে ল’ব পৰা নাই৷ এই ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে৷ উল্লেখ্য যে, এইগৰাকী চিৰঞ্জীৱ ভট্টাচাৰ্যই অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচৰে পৰা বৃহত্তৰ অঞ্চলটোৰ অন্যতম শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ সম্পূৰ্ণ ৰূপে বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰাৰ তিলমানো দক্ষতা নথকা এগৰাকী ব্যক্তিক অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰাত বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়ন পিচ পৰি যোৱাৰ লগতে ফলাফলো ক্ৰমাৎ নিম্নগামী হৈছে৷ তদুপৰি দিনক দিনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি অহা পৰিলক্ষিত হৈছে৷ আনহাতে বিদ্যালয়খনত দীৰ্ঘদিন ধৰি ৫ গৰাকী বিষয় শিক্ষক, ১৪ গৰাকী সহকাৰী শিক্ষক,  ১ গৰাকী কাৰ্যালয় সহায়ক আৰু ৪ গৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীকে ধৰি মুঠ ২৪ টা পদ খালী হৈ আছে যদিও পদসমূহ পূৰণৰ ক্ষেত্ৰত যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ ৰূপে ব্যথ হৈ আহিছে অভিযুক্ত অধ্যক্ষগৰাকী৷ আন এক অভিযোগ অনুসৰি শিৱসাগৰৰ জিলা শিক্ষা বিষয়াক মেনেজ কৰি অধ্যক্ষ ভট্টাচাৰ্যই ছুটী নোলোৱাকৈ দীৰ্ঘদিন বিদ্যালয়ত উপস্থিত নথকাৰ সুযোগ লৈ আন আন শিক্ষক-কৰ্মচাৰীসকলেও কৰ্তব্যত গাফিলতি কৰি অহাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ গ্ৰহণত বাধাৰ সৃষ্টি হৈ আহিছে৷ তৎস্বত্বেও একালত ৰাজ্যখনৰ ভিতৰতে দক্ষ আৰু কঠোৰ শিক্ষা বিষয়া হিচাপে পৰিচিত বৰ্তমান বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল জেলিলে নিজে অধ্যয়ন কৰি অহা বিদ্যালয়খন ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰাৰ পাচতো কি কাৰণত নিৰব ভূমিকা গ্ৰহণ কৰি আহিছে সেয়াহে ৰহস্যজনক৷