বিগত ৯ দিনে সন্ধান নাই অসম আৰক্ষীৰ জোৱান চন্দন বৈশ্যৰ। জানিব পৰা মতে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত-দক্ষিন আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচত দায়িত্ব পালন কৰিবলৈ আহিছিল নলবাৰীৰ চন্দন বৈশ্য।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

গুৱাহাটীলৈ আহি এটা লজত থাকি দায়িত্ব পালন কৰি আছিল নলবাৰীৰ চন্দনে। কিন্তু তাৰ পিছৰে পৰা কোনো সন্ধান নাই চন্দন দাসৰ।

তাৰ পিছতেই শৰাইঘাট দলংৰ সমীপত উদ্বাৰ হৈছে চন্দনে ব্যৱহাৰ কৰা গাড়ীখন। গাড়ীখন উদ্ধাৰ কৰাৰ পিছতেই এতিয়া চন্দন দাসৰ ঘৰত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে।

কিন্তু ইমান দিনে নলবাৰীৰ শান্তিপুৰ নিবাসী বিশেষ শাখাৰ আৰক্ষী জোৱান চন্দন বৈশ্য ক’ত হেৰাল তাকে লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে।

ইফালে চন্দন বৈশ্যৰ সন্ধান উলিয়াবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে চন্দন বৈশ্যৰ পৰিয়ালৰ লোকে ।