লাকুৱাৰ আমলখি দেওশালত পূজা অৰ্চনা কৰা আহোম পুৰোহিত সকলৰ সুবিধাৰ্থে আজি এটা পণ্ডিত গৃহ মুকলি কৰা হয়। ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনে মুকলি কৰে এই গৃহটি। বিধায়ক এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্মিত এই গৃহটি উদ্বোধন কৰা সময়ত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।