নাৰী সবলীকৰণৰ দিশে আৰু এটা খোজ....

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত নিৰ্ধাৰিত নিৰিখত নিৰ্বাচিত সামগ্ৰীসমূহ যেনে- বিভিন্ন প্ৰকাৰৰ গামোচা, বড়ো আৰ’নাই, কাৰ্বি পহ, মণিপুৰী খুদেই (অংগবস্ত্ৰ ), ৰাভা পাজাৰ, ডিমাচা ৰিচা-বাচা, মিচিং ডুমেৰ আৰু এৰক’গ, কোঁচ ৰাজবংশী গামোচা, তিৱা ফালি আৰু দেউৰী গামোচা লগতে ৩১ বিধ পৰম্পৰাগত বস্ত্ৰ সামগ্ৰী ক্ৰয় কৰা ব্যৱস্থা কৰিছে ৷ কোনো মধ্যভোগী নোহোৱাকৈ শিপিনীসকলৰ পৰা পোনপটীয়াকৈ উল্লেখিত বস্ত্ৰ সামগ্ৰী সমূহৰ লগতে ৩১ বিধ সামগ্ৰী হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ক্ৰয় কৰিব ৷বিক্ৰী মূল্য শিপিনীসকলৰ বেংক একাউণ্টত চাৰিদিনৰ ভিতৰত আদায় ব্যৱস্থা ৷

অসমত স্থায়ীভাৱে বসবাস কৰা আৰু ঘৰত কমেও এখন হস্ততাঁত থকা সোণাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত শিপিনীসকলক ২০২২-২৩ বৰ্ষৰ বাবে অহা ইংৰাজী ৩ ছেপ্তেম্বৰ ২০২২ তাৰিখৰ ভিতৰত 

Www.swanirbharnaari.assam.gov.in ৱেবছাইট যোগে অনলাইন পঞ্জীয়ন কৰিব পাৰিব ৷