গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ এজন নিৰাপত্তাৰক্ষী ডকাইতিৰ বলি হোৱা বুলি জানিব পৰা গৈছে।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
নিচাযুক্ত দ্ৰব্য সেৱন কৰাই দুষ্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীজনৰ লগত থকা নগদ ধন, এটিএম কাৰ্ডসহ আন সকলো সামগ্ৰী লুটি লৈ যায়।
জানিব পৰা মতে, শুকুৰবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈছিল একনাথ সিন্দেৰ নিৰাপত্তাত নিয়োজিত এ এছ আই দৰ্শন ভাৰতী। তেওঁ গুৱাহাটী উপস্থিত হোৱাৰ পিছত পল্টনবজাৰৰ এটি ৰোডৰ শ্যাম গেষ্ট হাউছত এটা কোঠা বুকিং কৰিছিল নিৰাপত্তাৰক্ষী ভাৰতীয়ে।
কিন্তু গেষ্ট হাউছত কিছু সময় কটোৱাৰ পিছত তেওঁ দুপৰীয়া ১১.৩০ বজাত ওাই আহে আৰু তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল নিৰাপত্তাৰক্ষীজন। কিন্তু ভাৰতীক নিশা পদপথত অচেতন অৱস্থাত উদ্ধাৰ কৰি দুজন এম্বুলেঞ্চ চালকে জি এম চি এইচ্চলৈ লৈ আহিছিল।
কিন্তু জি এম চি এইচ্চ কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীজনক ভঙাগড়স্থিত এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
পিছত চেতনা ঘূৰি অহাৰ পিছত ভাৰতীৰ পৰিয়ালক খবৰ দিয়া হয় আৰু আজি ৰাতিপুৱা ভাৰতীৰ পুত্ৰ ইয়াত উপস্থিত হৈ উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে তেওঁক মুম্বাইলৈ লৈ যায়।
উল্লেখ্য যে ঘটনা সন্দৰ্ভত ভাৰতীৰ পুত্ৰই প্ৰথম অৱস্থাত ভঙাগড় আৰক্ষীক অৱগত কৰাইছিল বুলি সংবাদ মাধ্যমক জনাইছিল যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো গোচৰ ৰুজু নকৰি বিষয়টো পল্টন বজাৰ আৰক্ষীলৈ ঠেলি দিয়াৰ দৰে এক দায়িত্বজ্ঞানহীন কাণ্ড সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
ইফাল অসমলৈ ফুৰিবলৈ অহা এজন পৰ্যটকত তথা নিৰাপত্তাত জড়িত এজন লোক এইধৰণৰ ঘটনাৰ সন্মুখীন হোৱাৰ পিছতো ৰাজ্য চৰকাৰৰ আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাটো এক লজ্জাজনক ঘটনা বুলি সচেতন লোকে অভিহিত কৰিছে।