কলগাছিয়াৰ খাৰবাল্লীত বজ্ৰ পৰি এজন যুৱকৰ মৃত্যু ঘটিছে। বেকী নৈত বৰশীৰে মাছ মাৰি থকা অৱস্থাত বজ্ৰ পৰি আকস্মিক মৃত্যু হয় ৩৮ বছৰীয়া যুৱকজনৰ।

মৃত্যু হোৱা যুৱকজন খাৰবাল্লী গাঁৱৰ ছুৰব আলীৰ পুত্ৰ নুৰ মহম্মদ বুলি জানিব পৰা গৈছে।

নুৰ মহম্মদে চাৰিটাকৈ সন্তান এৰি পৃথিৱীৰ পৰা বিদায় লোৱাৰ বাবে শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক।

উল্লেখ্য যে, অতি দৰিদ্ৰতাৰ মাজেৰে যথেষ্ট কষ্ট কৰি পৰিয়াল পোহপাল দি অহা নুৰ মহম্মদৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰা পৰিলক্ষিত হয়।

চৰকাৰক এই দৰিদ্ৰ পৰিয়ালটোলৈ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে।