চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ বৈঠকখন অনুষ্ঠিত হয়। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত বিভিন্ন চৰকাৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনিসমুহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। 

বৈঠকত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী, খণ্ড উন্নয়ন বিষয়াসকল প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।