ৰাষ্ট্ৰীয় ৰক্তদান দিৱস আৰু অসম আৰক্ষী দিৱসত ডিব্ৰুগড়ৰ জ্যোতিনগৰ অঞ্চলত অৱস্থিত মাৰোৱাৰী আৰোগ্য ভৱন হাস্পতালৰ ব্লাড বেংকৰ সহযোগত ১ অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’, অসমৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় চিকিৎসালয়খনৰ ব্লাড বেংকত আয়োজন কৰা হয় বুলি সংস্থাটিৰ শোণিতপু্ৰৰ মিডিয়া বিয়ষা মৃন্ময় কুমাৰ নাথে জানিবলৈ দিছে। আৰক্ষী দিৱসৰ এই গৌৰৱময় উদযাপন উপলক্ষে ডিব্ৰুগড় সদৰ আৰক্ষী বিষয়া ৰাজু ছেত্ৰীৰ উপৰিও ১১ জন জোৱানে ৰক্তদান কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ অসমৰ অধ্যক্ষ নিশান্ত থৰ্ডৰ লগতে ডিব্ৰুগড় জিলাৰ নৱনিযুক্ত জিলা সভাপতি অমিত আজমেৰাও উপস্থিত থাকে।

শিবিৰত ৰক্তদান কৰা সকলো ১১ জন আৰক্ষীক এটা প্ৰশস্তিও প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ ডিব্ৰুগড় শাখাই এই বিশেষ দিনটোত আয়োজন কৰা ৰক্তদান শিবিৰটোৱে নিশ্চিতভাৱে সামাজিক পটভূমিত মানৱতাৰ এক নতুন বীজ সিঁচিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।