মাজুলীত আম আদমী পাৰ্টীৰ সংবাদ মেল।
সৰ্বানন্দ সোণোৱালে ক্ষমা খুজিব লাগে মাজুলী বাসীৰ ওচৰত-আপজিলা সদৰ গড়মুৰত আম আদমী পাৰ্টি মাজুলী জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি তেজস্বিতাৰ অকাল বিয়োগৰ বাবে স্বাস্থ্য বিভাগ সম্পূৰ্ণ জগৰীয়া বুলি উল্লেখ কৰি এক উচিত তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
স্মাৰকপত্ৰ খনত সংগঠনটোৱে স্পষ্টভাৱে চিকিৎসালয় খনৰ অধিক্ষক জনক আটৰাই নতুন এজন দি দায়িত্ব সামৰাৰ পৰিৰ্বতে প্ৰতিটো বিভাগত বিশেষজ্ঞ চিকিৎসক নিযুক্তিৰ দাবী জনাই ৷ মাজুলীৰ চিকিৎসালয় খনত ২৪ ঘন্টাই বিশেষজ্ঞ চিকিৎসক পোৱাৰ ব্যৱস্থা গ্ৰহণ , অস্কিজেন, উন্নত সাসৰঞ্জাম প্ৰদানৰ দাবী জনাই সংগঠনটোৱে ৷