মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ প্ৰাক্তন বিধায়ক কে লোকেন সিঙৰ বাসগৃহৰ বাহিৰত বৃহস্পতিবাৰে নিশা মধ্যমীয়া তীব্ৰতাৰ এটা আই ই ডি বিস্ফোৰণ সংঘটিত হয়। শুকুৰবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

স্থানীয় প্ৰশাসনে জনোৱা মতে, বিস্ফোৰণৰ ফলত সিঙৰ বাসগৃহৰ মূল গেটখন আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ইয়াৰ সমীপতে থকা ষ্ট্ৰীট লাইটৰ লগতে পথৰ এটা অংশও ক্ষতিগ্ৰস্ত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, কোৱাকেথেল টাখেলামবাম লেইকাই অঞ্চলত সংঘটিত হোৱা বিস্ফোৰণৰ কিছু সময়ৰ পিছতে মণিপুৰ আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দলে ততাতৈয়াকৈ ঘটনাস্থলত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

ইফালে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও জনাই আৰক্ষীয়ে।

স্থানীয় লোকে জানিব দিয়া অনুসৰি প্ৰাক্তন বিধায়ক সিঙে নিজৰ ঘৰত প্ৰৱেশ কৰাৰ ঠিক কিছু সময় পিছতেই এই আই ই ডিটো বিস্ফোৰণ হৈছিল।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত সিঙে জনতা দল ইউনাইটেড দলৰ হৈ ছগোলবন্দ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিল।

ইফালে বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত সিঙে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ কাৰো লগতে শত্ৰুতা নাই আৰু ঘটনাৰ তদন্তৰ দাবী জনায়। প্ৰাপ্ত খবৰ অনুসৰি এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।