ঐতিহ্যমণ্ডিত আমলখি দেওশালত টাই আহোম সাংস্কৃতিক পৰিষদৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অহা ৯ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে টাই আহোমসকলৰ শস্যৰ শ্ৰীবৃদ্ধি বাবে ‘খ্যেক লাই খাও মী -আই জঙ লাও ঙী জঙ খাম ' ৰিক খন খাও পৰম্পৰা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । আহোম ৰজাদিনীয়া জাগ্ৰত ঐতিহাসিক দেওশালখনিক অধিক সজীৱ কৰি ৰাখিবলৈ টাই আহোম পৰম্পৰাৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে, চাও লুং ছৗকাফাই এই মুলুকত ৰাজ্য প্রতিষ্ঠা কৰাৰ পাছৰে পৰা ম্যুঙ দুন ছুন খামত শস্যৰ আয়ুস বৃদ্ধিৰ বাবে পূজা অৰ্চনা কৰা ব্যৱস্থা হয় । এই পৰম্পৰা অনুষ্ঠানত টাই আহোমসকলৰ উপাস্য জলশক্তি ‘খাও খাম'ৰ পৰা খন্ – আয়ুস বিচাৰি পূজা - পাতল কৰি আহিছে । টাই আহোমসকলৰ প্ৰধান খেতিৰ শস্য হ'ল – ধান ( লখিমী ) । এই ধানৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে সোণালী গুটিৰে নদন - বদন হৈ ভঁৰালত ওপচি পৰাৰ কামনা কৰি -আই জঙ লাও ঙী জঙ খাম , খন খাও ৰাই খন খাও ঙী ঐ - স্তুতিৰে আহোমসকলে উপাসনা কৰি আহিছে । বছৰৰ আহিন মাহত ধান গছ সঁজাল ধৰি গেঁওলি হোৱাৰ সময় হয় , সেয়েহে এই মাহত – লাই খাও মী আই জঙ লাও ঙী জঙ খাম উৎসৱ অনুষ্ঠান পতাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে । টাই আহোমসকলৰ ধান খেতিয়েই মূল জীৱিকাৰ শক্তি হলেও অন্যান্য শস্যসমূহৰো শক্তি বৃদ্ধি বা আয়ুস বৃদ্ধি সকলোৰে কামনা কৰে । এই আয়ুস বৃদ্ধি কামনা পৰম্পৰাকে সাৰোগত কৰি অনুষ্ঠিত কৰিব লোৱা এই অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ অতিথিসকল উপস্থিত থাকিব । অনুষ্ঠানটোত তাই আহোম সাংস্কৃতিক পৰিষদ আৰু পাটসাঁকো তাই একাডেমীৰ শিল্পীসকলৰ দ্বাৰা সমবেত সঙ্গীত , তাই গীত - মাত পৰিৱেশন , লখিমী পূজা সম্পৰ্কত আলোচনা চক্ৰ আৰু মুকলি সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जम्मू-कश्मीर की 24 सीटों पर 9 बजे तक 11% वोटिंग:शाह बोले- आतंकवाद-बेरोजगारी के खिलाफ वोट डालें
जम्मू-कश्मीर विधानसभा चुनाव के फर्स्ट फेज में बुधवार को 7 जिलों की 24 विधानसभा सीटों पर सुबह 7...
અરવલ્લી જિલ્લા કલેક્ટર ઓફિસ ખાતે ત્રણ રૂઢિપ્રથા ગ્રામસભા નો આદેશ માટે આવેદનપત્ર આપીને રજૂઆત કરવામ
અરવલ્લી જિલ્લા કલેક્ટર ઓફિસ ખાતે ત્રણ રૂઢિપ્રથા ગ્રામસભા નો આદેશ માટે આવેદનપત્ર આપીને રજૂઆત કરવામ
মাহমৰা উন্নয়ণ খণ্ডৰ কাৰ্য্যালয় পৰিদৰ্শণ কেবিনেট মন্ত্ৰী যোগেন মহনৰ।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দিচাংপানীত অৱস্থিত মাহমৰা উন্নয়ণ খণ্ডৰ কাৰ্য্যালয়আজি বিয়লি...