দীঘিৰপাৰ কনিষ্ঠ মহাবিদ্যালয় একাডেমীত বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" উন্মোচন 

Sponsored

भारी बचत कार और फ्यूल दोनों पर - भाटिया एंड कंपनी बूंदी

मारुती सुजुकी S-CNG कार खरीदने पर अब CNG भरवाएं मात्र ₹ 76.22 per/kg की कीमत में, मार्केट रेट से ₹ 13.46 कम कीमत में | मारुती कार खरीदने पर भारी बचत | नियम और शर्तें लागू |

ঐতিহাসিক কমলা কুঁৱৰী খ্যাত দীঘিৰপাৰত ২০১৭ চনতে প্ৰতিষ্ঠা লাভ কৰা দীঘিৰপাৰ কনিষ্ঠ মহাবিদ্যালয় একাডেমীত বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" উন্মোচন কৰা হয়। দীঘিৰপাৰ কনিষ্ঠ মহাবিদ্যালয় একাডেমীৰ নৱাগত আদৰণি সভা আৰু অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিওৱা হৈছে প্ৰাচীৰ পত্ৰিকা" প্ৰজ্ঞা" । একাডেমীৰ গুৰুমণ্ডলী আৰু ছাত্ৰ-ছাত্ৰীৰ লিখনিৰে সমৃদ্ধ প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" উন্মোচন কৰে ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰামৰ উপ-সভাপতি নৱজিৎ শৰ্মাই । ইয়াৰ পিছতে একাডেমীৰ প্ৰৱক্তা হিতেশ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা আৰু কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। একাডেমীৰ সমন্বয়ক জ্যোতিষ বৰাই আঁতধৰা অনুষ্ঠানত পাথৰিঘাট শাখা সাহিত্য সভাৰ সম্পাদক কণআলি হাজৰিকা, প্ৰৱক্তাদ্বয় অংকুমণি হাজৰিকা, ৰঞ্জিত শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।