বিজয়া দশমী উপলক্ষে পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ মাল নদীত দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জন কৰি থকাৰ সময়ত হঠাতে অহা বানে ৮ জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে। আকস্মিকভাৱে অহা এই বানত আন কেইবাজনো লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

বাঢ়নী পানীত ডুব যোৱাৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হোৱা বুলি এজন উচ্চপদস্থ বিষয়াই এই তথ্য প্ৰদান কৰে।

ঘটনা সংঘটিত হোৱাৰ সময়ত মাল নৈৰ পাৰত বিসৰ্জনৰ বাবে শতাধিক লোক সমবেত হৈছিল।

জলপাইগুৰি জিলা দণ্ডাধীশ মৌমিতা গোদাৰাই কয়, ‘হঠাত নদীৰ পানী বৃদ্ধি পোৱাত বহু লোক উটুয়াই নিয়ে। এতিয়ালৈকে ৮ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৫০ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে’।

তেওঁ লগতে কয় যে সামান্য পৰিমানে আঘাতপ্ৰাপ্ত ১৩ গৰাকী লোকক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তদুপৰি এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু স্থানীয় প্ৰশাসনে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে।

ইফালে ৰাজ্যখনৰ মন্ত্ৰী বুলু চিক বৰাইকে মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে।

এই কৰুণ ঘটনাটো সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।