চাৰিটা ভাৰতীয় কফ চিৰাপ সেৱনৰ ফলত গাম্বিয়াত ৬৬ জন শিশুৰ মৃত্যু হোৱাক লৈ বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী দিয়াৰ পিছত তৎপৰ হৈ পৰিছে এতিয়া ভাৰত।

এটা সূত্ৰই জনোৱা মতে, ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেলে অফ ইণ্ডিয়াই হাৰিয়ানা ৰেগুলেটৰী অথৰিটিৰ ওচৰত বিষয়টো উত্থাপন কৰি তদন্ত আৰম্ভ কৰিছে।

এই কফ চিৰাপ চাৰিটা হাৰিয়ানাৰ ছোনিপটস্থিত মেছাৰ্ছ মেডেন ফাৰ্মাচিউটিকেল লিমিটেডে প্ৰস্তুত কৰিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, ২৯ ছেপ্টেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়াক কফ চিৰাপ কেইটাৰ বিষয়ে সতৰ্ক কৰি দিছিল।

এই বিষয়ত লাভ কৰা তথ্য অনুসৰি প্ৰতিষ্ঠানটোৱে এই সামগ্ৰীসমূহ কেৱল গাম্বিয়ালৈহে প্ৰেৰণ কৰিছিল। অৱশ্যে এই অভিযোগ সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই কোম্পানীটোৱে।  

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে ৫ অক্টোবৰত কয় যে এই চাৰিটা ভাৰতীয় কফ চিৰাপৰ সৈতে বৃক্কৰ ক্ষতি আৰু গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যুৰ সম্পৰ্ক আছে।

স্বাস্থ্য সংস্থাটোৰ অনুসৰি এই চাৰিটা প্ৰডাক্ট হৈছে- প্ৰোমেথাইজিন অ’ৰেল ছল্যুশ্বন, কোফেক্সমালিন বেবী কফ চিৰাপ, মেকফ বেবী কফ চিৰাপ আৰু মেগ্ৰীপ এণ ক’ল্ড চিৰাপ।