অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন চীতা হেলিকপ্টাৰ। এই দুৰ্ঘটনাটোত এজন সেনা বিষয়া নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

অৰুণাচলৰ টাৱাঙত ৰাতিপুৱা প্ৰায় ১০ বজাত নিয়মীয়া উৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছে এই হেলিকপ্টাৰখন।

সেনাৰ তৰফৰ পৰা জনোৱা অনুসৰি, চীতা হেলিকপ্টাৰখনত দুজন পাইলট আছিল। দুৰ্ঘটনাটোৰ পিছত দুয়োজনকে উদ্ধাৰ কৰি ওচৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু গুৰুতৰভাৱে আহত লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ চিকিৎসাৰ সময়ত মৃত্যু ঘটে।

বৰ্তমান আনগৰাকী আঘাতপ্ৰাপ্ত পাইলটজনৰ চিকিৎসা কৰি থকা হৈছে।

সেনাই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, ‘এতিয়ালৈকে দুৰ্ঘটনাটোৰ কাৰণ জানিব পৰা নাই। ঘটনাটো কি কাৰণত ঘটিল সেয়া তদন্ত কৰি থকা হৈছে’।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহতো জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাৰ এখন চীতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেই ঘটনাটোতো এজন পাইলটৰ মৃত্যু হৈছিল আৰু আনজন পাইলট গুৰুতৰভাৱে আহত হৈছিল।