সুব্ৰত কাপত অসমৰ প্ৰথম খেলত জয়লাভ

সুব্ৰত কাপ আন্তঃ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ   অসম দলক প্ৰতিনিধিত্ব কৰা চৰাইদেউ সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৱে নতুন দিল্লীত অনুষ্ঠিত সুব্ৰত কাপ আন্তঃ ৰাষ্ট্ৰীয় অনুৰ্দ্ধ ১৭ লৰাৰ ফুটবল প্ৰতিযোগিতাত উদ্বোধনী খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বেঙেনাবাৰী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ে প্ৰথম খেলত গুজৰাটক ৩-০ গলত পৰাস্ত কৰে। উল্লেখ্য যে দেউকন ট্ৰফী প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰা পাছত সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে।