পূজাৰ আনন্দ উল্লাসৰ মাজতেই হোজাইৰ যমুনামুখ আৰক্ষীৰ সফল অভিযান ৷
হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত কাছাৰৰ শিলচৰৰ পৰা যমুনামুখ আৰক্ষীয়ে উদ্ধাৰ কৰে এখন চুৰি হোৱা ডাম্পাৰ ৷
লগতে এই চুৰি কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুজনকৈ লোকক ৷
ধৃত লোক দুজন হল ক্ৰমে আব্দুল কাদিৰ বড়ভূঞা আৰু বক্তাৰ হুছেইন বড়ভূঞা ৷ দুয়োৰে ঘৰ কাছাৰৰ সোনাইত ৷
লোক দুজনে এটি গেৰেজত চুৰি হোৱা ডাম্পাৰ খন খুলি মেলি থকা অৱস্থাতে শিলচৰ আৰক্ষীৰ সহযোগত যমুনামুখ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷
চুৰি হোৱা গাড়ীখন ডাম্পাৰ খন বিকৃত কৰি বহিঃৰাজ্যলৈ বিক্ৰিৰ বাবে নিয়াৰ বাবে দুয়োয়ে পৰিকল্পনা কৰিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
আজিৰ পৰা বিশ দিন মান পূৰ্বে যমুনামুখৰ সৰুপথাৰৰ পৰা এই ডাম্পাৰখন চুৰি হৈছিল ৷ এই সন্দৰ্ভত গাড়ীখন ভাড়ালৈ অনা বাহাৰ উদ্দিন নামৰ লোকজনে যমুনামুখ থানাত চুৰিৰ গোচৰ ৰুজু কৰিছিল ৷
পৰৱৰ্তী কালত আৰক্ষীয়ে বহু কেইজন লোকক আটক কৰি সোধপোচ কৰিছিল আৰু অনুসন্ধান চলাই শেষত কালি কাচাৰৰ পৰা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷