শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ শংকৰ উৎসৱ অনুষ্ঠিত 

----------------------------------------------------

শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ উদ্যোগত ৰাঙলীবাহাৰ গাঁৱৰ ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱৰ আয়োজন কৰা হৈছে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা লগা এই আয়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ প্ৰথম দিনা আজি পুৱা ৫ বজাত উষা কীৰ্তন , ৬ বজাত পৰিৱেশ নিকাকৰন ৰ পিছত ৭বজাত ধৰ্মালোচনী সভাৰ মুখ্য উপদেষ্টা দ্বীপেন কলিতাই গছ পুলি ৰোপন কৰি দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। পতাকা উত্তোলন কৰিব ধৰ্মালোচনী সভাৰ সভাপতি দুৰ্গেশ্বৰ শইকীয়াই ৷

দিনৰ ৮ বজাৰ পৰা অনুষ্ঠিত হব লগা দিহানাম আৰু বৰগীত প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব গড়মুৰ পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰেনুমাল দত্তই ৷ প্ৰতিযোগিতাৰ সঞ্চালনা কৰিব ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ সুবেট চন্দ্ৰ ঘোষে ৷ এই অনুষ্ঠানতে লেখক দুৰ্গেশ্বৰ শইকীয়াই লিখি উলিওৱা 'আধ্যাত্মীক পৃষ্ঠা' উন্মোচন কৰিব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিৱজিৎ শইকীয়াই ৷