এটা শিহৰণকাৰী  হত্যা কাণ্ড 


নিষ্ঠুৰ, নিদাৰুণ,  নৃশংস।।


অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল চম্পক সন্দিকৈৰ হত্যাকাৰীক। 

ঘটনাৰ স্থান গোলাঘাটৰ জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শেনচোৱা গাঁও।

অবৈধ সম্পৰ্কৰ পৰিনতিতেই সংঘটিত হল  নৃশংস হত্যাকাণ্ড। 

অবৈধ সম্পৰ্কৰ বাবেই  নিজ পিতৃ, পত্নী আৰু বন্ধু , তিনিওৱে লগলাগি হত্যা কৰিলে চম্পক সন্দিকৈক। 

উল্লেখ্য যে, হত্যাকাণ্ডটো সংঘটিত হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শেনচোৱা গাৱত। যোৱা ২৮ অক্টোবৰত শেনচোৱা গাঁৱৰ বাসিন্দা চম্পক সন্দিকৈৰ(২৮) মৃতদেহ ডিঙিত কাপোৰৰে মেৰিয়াই থোৱা অৱস্থাত  উদ্ধাৰ হৈছিল নিজ গৃহতেই। 

বাহিৰৰ পৰা তলাবন্ধ অৱস্থাত আছিল  কোঠাটো। 

আনহাতে  সেইদিনাৰ পৰাই পলাতক আছিল মৃত চম্পকৰ পত্নী ৰিকুমণি সন্দিকৈ। 

পিতৃ প্ৰদীপ সন্দিকৈয়ে অভিযোগ তুলিছিল চম্পকৰ পত্নীয়েই হত্যা কৰা বুলি।

 আনহাতে বৰপথাৰ আৰক্ষী থানাত ৰুজু হোৱা  গোচৰৰ ভিত্তিত আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত। 
ইয়াৰ পিছতেই তিনি দিনৰ অন্তত আৰক্ষীয়ে ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হল মূল অভিযুক্ত মৃত চম্পকৰ পত্নীৰ ৰিকুমণি সন্দিকৈক।  
চম্পকৰ পত্নীয়ে স্বীকাৰ কৰিলে আৰু দুজন ব্যক্তিৰ সৈতে লগ লাগি  স্বামীক হত্যা কৰাৰ কথা। অৱশেষত বৰপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে  পত্নী ৰিকুমণি সন্দিকৈ(২২), পিতৃ প্ৰদীপ সন্দিকৈ(৬১) আৰু চিন্তু বৰুৱাক(২৭)। চম্পকৰ পত্নীয়ে কৰা স্বীকাৰোক্তি অনুসৰি এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হল অবৈধ সম্পৰ্কৰ বাবেই। 

অবৈধ সম্পৰ্কৰ পৰিনতিতেই  প্ৰাণ হেৰুৱাব লগীয়া হল চম্পক সন্দিকৈয়ে। 

মৃত চম্পকৰ  ষাঠিৰ উৰ্ধৰ পিতৃ  প্ৰদীপ সন্দিকৈৰ সৈতে বোৱাৰীয়েকৰ আছিল অবৈধ সম্পৰ্ক। 

অকল সেইয়াই নহয় মৃত চম্পকৰ বন্ধু চিন্তু বৰুৱাৰ সৈতেও ৰিকুমণিৰ আছিল দীৰ্ঘদিনৰ পৰা অবৈধ সম্পৰ্ক। 
এই অবৈধ সম্পৰ্কৰ বাবেই তিনিওৱে  মিলি হত্যা কৰিলে চম্পক সন্দিকৈক। 
উল্লেখ্য যে ডিমাপুৰত কাম কৰি থকা চম্পক সন্দিকৈ ২৭ চেপ্তেম্বৰ তাৰিখে নিজ ঘৰলৈ আহিছিল। ঘৰত আছিল আঠ বছৰীয়া কণ্যা, নিজ পত্নী আৰু পিতৃ। 

আনহাতে পূৰ্ব পৰিকল্পিত ভাবেই সেইদিনা নিশা প্ৰায় এক মান বজাত চিন্তু বৰুৱা চম্পকৰ গৃহলৈ আহে আৰু পত্নী, নিজ পিতৃ আৰু বন্ধুৱে মিলি  চাদৰেৰে ডিঙি চম্পক সন্দিকৈক হত্যা কৰাৰ কথা সদৰী কৰে চম্পকৰ পত্নীয়ে।  অৱশেষত ধনশিৰি মহকুমা ৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমেশ্বৰ শইকীয়াই ক্ষীপ্ৰতাৰে তদন্ত কৰি  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়  হত্যাকাণ্ডটোত অভিযুক্ত তিনি হত্যাকাৰীক।

ইপিনে এই ঘটনাই কপাই গৈছে সমগ্ৰ গোলাঘাট জিলা।