শনিবাৰে দেশত আৰম্ভ হ’ল অতি দ্ৰুতগতিসম্পন্ন ৫জি মোবাইল সেৱা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়ান মোবাইল কংগ্ৰেছৰ এটা অনুষ্ঠানত ৫জি মোবাইল সেৱা উদ্বোধন কৰে৷ দেশৰ তিনিটা আগশাৰীৰ ‘টেলিকম ছাৰ্ভিচ প্ৰভাইডাৰ’ জিঅ’, এয়াৰটেল আৰু ভ’ডাফোন-আইডিআই দেশৰ আঠখন চহৰত প্ৰাৰম্ভিভাৱে এই ৫জি মোবাইল সেৱা আগবঢ়াব৷ কিছুদিনৰ ভিতৰতে এই সেৱা লাভ কৰিব দেশৰ মুঠ ১৩ খন চহৰে৷ সেইকেইখন চহৰ হৈছে দিল্লী, কলকাতা, চেন্নাই, মুম্বাই, আহমেদাবাদ, বাংগালুৰু, চণ্ডীগড়, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, লক্ষ্ণৌ আৰু পুনে৷ ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে জনোৱা অনুসৰি জিঅ’ই ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত দেশৰ প্ৰতিখন গাঁও আৰু চহৰত ৫জি মোবাইল সেৱা সংযোগ কৰিব৷ এয়াৰটেলে প্তজি মোবাইল সেৱা ২০২৪ চনৰ মাৰ্চৰ ভিতৰত সমগ্ৰ দেশত দিব বুলি অধ্যক্ষ সুনীল মিট্টালে প্ৰতিশ্ৰতি দিছে৷ প্ৰাৰম্ভিকভাৱে ৮ খন আৰু কিছুদিনৰ ভিতৰতে ১৩ খন চহৰত ৫জি মোবাইল সেৱাৰ সংযোগ দিলেও চহৰৰ প্ৰতিটো অঞ্চলতে এই সেৱা লাভ কৰাটো সম্ভৱ নহ’ব৷ পৰ্যায়ক্ৰমে সকলো গ্ৰাহকে ৫জি মোবাইল সেৱাৰ সুুবিধা লাভ কৰিব পাৰিব৷ দেশৰ মুঠ ১৩ খন চহৰক ৫জি মোবাইল সেৱা দিলেও উত্তৰ পূৰ্বাঞ্চলৰ কোনো এখন চহৰকে প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত কৰা নহ’ল৷ ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটৰ তিনিখনকৈ চহৰক প্ৰথম পৰ্যায়তে কেন্দ্ৰীয় চৰকাৰে ৫জি মোবাইল সেৱাৰ সুবিধা প্ৰধান কৰিছে৷ ৫জি মোবাইল সেৱা হৈছে অতি দ্ৰুতগতিৰ ইণ্টাৰনেট সেৱা৷ এই সেৱা ব্যৱহাৰ কৰা গ্ৰাহকে তেনেই কম সময়ৰ ভিতৰত যিকোনো ডাঙৰ ফাইল ডাউনলোড কৰিবলৈ সক্ষম হ’ব৷ তদুপৰি ভিডিঅ’ কলিং হ’ব অতিশয় স্বচ্ছ৷ মোবাইলত গেম খেলাসকলৰ বাবে ৫জি মোবাইল সেৱা অতিশয় দ্ৰুতবেগী হোৱাৰ ফলত সুষম হৈ পৰিব৷ ৫জি মোবাইল সেৱাই দেশৰ কৰ্প’ৰেট ক্ষেত্ৰক অতি দ্ৰুতগতিত আগবঢ়াই নিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ahmedabad City road પર રાજ કરતા Dumper truck!| Ahmedabad Police,Ahmedabad Municipal Corporation,Rto gujarat તંત્ર ઘોર નિંદ્રા માં કે પછી આંખ આડા કાન.?
Ahmedabad City road પર રાજ કરતા Dumper truck!| Ahmedabad Police,Ahmedabad Municipal...
રાજ્યની નગરપાલિકાઓમાં ભરતી -સેવાની શરતો - નિયમો ઘડવામાં થતો વિલંબ અટકાવી વધુ ઝડપ લાવવા જાહેર જનતા પાસેથી વાંધા સૂચનાઓ મંગાવવાની જોગવાઈ રદ કરાઈ : શહેરી વિકાસ રાજ્ય મંત્રી વિનોદભાઈ મોરડીયા
ગુજરાત નગરપાલિકા (સુધારા) વિધેયક- 2022 ગુજરાતની વિધાનસભા ગૃહમાં સર્વાનુમતે પસાર*
*********...
लखनऊ: निगोहा पुलिस टीम ने 1 वारन्टी अभियुक्त को किया गिरफ्तार
लखनऊ। पुलिस आयुक्त लखनऊ एस0बी0 शिरडकर द्वारा अपराध एवं अपराधियो पर नियंत्रण व वांछित अभियुक्तो की...