বাক্সা: ৰাজ্য তথা বিটিআৰত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে শিশু সৰবৰাহ । বিটিআৰৰ চিৰাং জিলাৰে পৰা বিগত বৰ্ষত আশী জনৰো অধিক শিশু উদ্ধাৰ হৈছে গেংটকত ৷ এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে। সোমবাৰে বাক্সা জিলাৰ মুছলপুৰস্থ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ উদ্যোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সহযোগত শিশু সুৰক্ষা শীৰ্ষক এক কৰ্মশালাত অংশগ্ৰহণ কৰি সাংবাদিকৰ ওচৰত এইদৰে উদ্বিগ্নতা প্ৰকাশ কৰে ৰাষ্ট্ৰীয শিশু সুৰক্ষা আয়োগৰ জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ শৈষ্ঠ কে শ্বাহে । বিশেষজ্ঞ গৰাকীয়ে কয় যে বিটিআৰৰ বাক্সা, চিৰাং জিলাকে ধৰি বিভিন্ন জিলাত শিশু সৰবৰাহ আৰু মানৱ সৰবৰাহ যথেষ্ট বৃদ্ধি পাইছে। ইয়াক প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে যথেষ্ঠ গুৰুত্ব প্ৰদান কৰিছে আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে । আনহাতে ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সদস্য ফনিন্দ্ৰ বুজৰবৰুৱাই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে ২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত বিভিন্ন কাম দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন স্থানলৈ ২১৯ গৰাকী শিশু মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে। আনহাতে অকল চিৰাং জিলাৰে ৮২গৰাকী শিশু গেংটকৰ পৰা উদ্ধাৰ কৰা হৈছে । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে আৰু আজি ইয়াৰ অংশ ৰূপে জিলা শিশু সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ বিষয়ববীয়া সকলক লৈ এই কৰ্মশালা অনুষ্ঠিত কৰা বুলি তেখেতে জানিবলৈ দিয়ে ৷ এই কৰ্মশালাত অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, বাক্সা জিলাৰ উপ-আৰক্ষী অধীক্ষক, বাক্সা জিলা সমাজ কল্যাণ বিষয়াৰ লগতে জিলাখনৰ ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া সকল উপস্থিত থাকে ৷##
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
टोल पर ट्रैफिक में DM की गाड़ी फंसी, पूरे स्टाफ को गिरफ्तार करा दिया! पूरी कहानी ये है | Morena | MP
टोल पर ट्रैफिक में DM की गाड़ी फंसी, पूरे स्टाफ को गिरफ्तार करा दिया! पूरी कहानी ये है | Morena | MP
দৰঙত ৰাষ্ট্ৰীয় একতা দিৱস পালন
দৰং জিলা প্ৰশাসনে আজি মঙলদৈ ক্ৰীড়া সন্থা আৰু নেহৰু যুৱ কেন্দ্ৰ,দৰঙৰ সহযোগত ৰাষ্ট্ৰীয় একতা দিৱস...
Bomb Threat: दिल्ली के स्कूल में 'बम की धमकी' से मचा हड़कंप, खाली कराया गया कैंपस; बम स्क्वाड की टीम मौके पर
नई दिल्ली। दिल्ली के डिफेंस कॉलोनी स्थित द इंडियन स्कूल के अंदर एक धमकी भरा ईमेल आया कि स्कूल के...
Breaking News: SBI के डेबिट कार्ड धारकों के लिए बड़ा झटका | Aaj Tak Latest News
Breaking News: SBI के डेबिट कार्ड धारकों के लिए बड़ा झटका | Aaj Tak Latest News
মৰাণহাটত বাজপেয়ী ভৱনত দলীয় সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন ,বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস।
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত মাহমৰা সমষ্টিৰ বাজপেয়ী ভৱনত দলীয় সভাত উপস্থিত থাকে...