ডিঙিত গামোছা লৈ বাংলাদেশত দুৰ্গা পূূজাৰ পৌৰাহিত্য অসমৰ পুৰোহিতৰ 

শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। অসমৰ লগতে পশ্চিমবংগত অতি উলহ মালহেৰে উদযাপন কৰা হৈছে দুৰ্গোৎসৱ।

আনহাতে বাংলাদেশত থকা হিন্দু বাঙালী সকলেও পৰম্পৰা পালন কৰি প্ৰত্যেক বছৰে আয়োজন কৰে দুৰ্গোৎসৱৰ। এইবাৰ তেনে এখন দুৰ্গা পূজাৰ পৌৰাহিত্য কৰিলে অসমৰ এগৰাকী পুৰোহিতে।

ডিঙিত গামোছা লৈ বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন দুৰ্গা পূজাত পৌৰাহিত্য কৰে অসমৰ পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে।

তেজপুৰৰ পাঁচমাইলৰ নিৱাসী সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে বাংলাদেশৰ দুৰ্গা পূজাৰ পৌৰাহিত্য কৰাৰ ফটোই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো।

জানিব পৰা মতে, তেজপুৰৰ পৰিচিত পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে বিগত ১৫ বছৰ ধৰি দিল্লীত দুৰ্গা পূজাৰ পৌৰাহিত্য কৰি আহিছে। কিন্তু এইবাৰেই তেওঁ দেশৰ বাহিৰলৈ পূজাৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল।