বোকাখাতৰ মহকুমাধিপতি তথা আই এ এছ বিষয়া ডাঃ নেহা যাদৱে বোকাখাতৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়িক এলেকাত সাধাৰণ জনতা, অনুষ্ঠান-প্ৰতিষ্ঠান আদিক দেশৰ স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা নিজে বিক্ৰী কৰি আৰু পতাকা ক্রেতাক এজোপাকৈ বিনামূল্যে গছ পুলি প্ৰদান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখযোগ্য যে 

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বর্ষ পূৰ্তি উপলক্ষে দেশজুৰি উদযাপিত হৈ থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ অংশস্বৰূপ 'হৰ ঘৰ তিৰংগা' শীৰ্ষক কাৰ্যসূচীৰ সফল ৰূপায়ণৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লৈছে বিষয়া গৰাকীয়ে।

জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰাৰ লগতে ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ১ আগষ্টত মহকুমাধিপতি ডাঃ নেহা যাদৱে কঁহৰা চাৰিআলিস্থিত স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা নিজ হাতেৰে বিক্ৰী কৰে আৰু প্ৰতিজন ক্ৰেতাক এজোপাকৈ গছপুলি উপহাৰ দিয়ে।