বঙাইগাঁও জিলাৰ শিক্ষা বিভাগত নতুন পদক্ষেপঃ চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত একেলগে প্ৰাতঃসভা, পাঠদান, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্তঃ

গ্ৰীণভেলী একাডেমী, আৰু নাম্বাৰপাৰা এম ই স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে কৰিলে প্ৰাতঃসভাঃ

দৈনিক আমাৰ প্ৰাণাম সেৱা বঙাইগাঁও , 2 অক্টোবৰঃ--শিক্ষা বিভাগত এক নতুন পদক্ষেপ চৰকাৰ শিক্ষানুষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত একেলগে প্ৰাতঃসভা, শিক্ষক, শিক্ষাৰ্থীক ৰোটেশ্বন কৰি পাঠদান, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিয়ে চি আৰ চি চি গুলজাৰ হুছেইনে। বঙাইগাঁও জিলা শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে ৩০ চেপ্তেম্বৰ তাৰিখে ৰাতিপুৱা নাম্বাৰপাৰা এম ই স্কুলৰ লগত গ্ৰীণভেলী একাডেমী (আদৰ্শ জাতীয় বিদ্যালয়) নাম্বাৰপাৰাৰ লগত যৌথভাৱে প্ৰাতঃসভা অনুষ্ঠিত কৰি এক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে । প্ৰথম বাৰৰ বাবে জিলা শিক্ষা বিভাগে গ্ৰহণ কৰা ঐক্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে ছাত্ৰ ছাত্ৰী সকলে। দুখন শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰী সকলে ঐক্যবদ্ধ প্ৰাতঃ সভা অনুষ্ঠিত কৰা কাৰ্য্যসূচীত উপস্থিত থাকে তিনি জনকৈ চি আৰ চি চি গুলজাৰ হুছেইন, ছাইফুল ইছলাম, হাৰুণাৰ ৰশিদৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক দ্বয় তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনৰ সভাপতি, সম্পাদক ক্ৰমে খান সাজাহান আলী আহমেদ, মজনু মিঞা ।নাম্বাৰপাৰা এম ই স্কুলৰ প্ৰধান শিক্ষক জাহিদুল ইছলামৰ লগতে শিক্ষক ক্ৰমে ছাত্তাৰ আহমেদ, মৌলানা সাজাহান আলী খান, মৌলানা ওচমান গণি, মৌলনা ফিৰোজ খান, শ্বাহাজালাল খান, বিজ্ঞান শিক্ষয়ত্ৰী উপস্থিত থাকে, গ্ৰীণভেলী একাডেমী (আদৰ্শ জাতীয় বিদ্যালয় ) নাম্বাৰপাৰাৰ অধ্যক্ষ ৰফিকুল ইছলাম, শিক্ষক - শিক্ষয়িত্ৰী ক্ৰমে দেৱান ছবুৰ উদ্দিন, বয়েজ উদ্দিন, মাইনুদ্দিন, ছবুৰ উদ্দিন আহমেদ, শ্বহিদুল ইছলাম, শামছুল নেহাৰ, বিজ্ঞান শিক্ষয়ত্ৰী ৰুবিনা খাতুন, মমতাজ খাতুন, সহকাৰী শিক্ষক ইয়াছিন আলী, কাৰিমুল ইছলাম, আৰু আব্দুচ ছালামে।