অসমৰ অন্যতম অগ্ৰণী প্ৰকাশক যোৰহাটৰ দিগদৰ্শনে সগৌৰৱে ১৯ বছৰত ভৰি দিলে। বিগত বর্ষৰ দৰে এইবাৰো দিগদৰ্শনৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি তুংগত উঠিছে। প্ৰতিষ্ঠা দিৱসৰ দিনটোতে ১৮খনকৈ ভিন্ন ধৰ্মী গ্ৰন্থৰ প্ৰকাশৰ দিহা কৰিছে দিগদৰ্শনে। দিগদৰ্শনৰ পংকজ কুমাৰ দাসে জানিবলৈ দিয়া অনুসৰি প্ৰকাশ হ'ব লগা গ্ৰন্থসমূহ ক্ৰমে.....

১) হৃদয়ৰ অনুভৱ (কবিতা সংকলন), সম্পাদনা:পংকজ কুমাৰ দাস, 

২) প্ৰেমৰ কবিতা (কবিতা সংকলন), সম্পাদনা : পংকজ কুমাৰ দাস

৩) সমাহাৰ (গল্প সংকলন), সম্পাদনা: পংকজ কুমাৰ দাস,

৪) অকণিৰ পদ্য(শিশু কবিতা পুথি), সম্পাদনা: পংকজ কুমাৰ দাস

৫) বন্যা(উপন্যাস), অৰ্পণা ফুকন দাস,

৬) শুৱনি আমাৰ গাঁওখন অতি...(উপন্যাস), দীপক কুমাৰ গোস্বামী,

৭) দ্বিবেশৰা (গল্প সংকলন), ৰুণজুন সভাপণ্ডিত কলিতা,

৮) কবিতা সম্ভাৰ(কবিতা সংকলন), বিপিন টাইদ,

৯) উকা কপালৰ যন্ত্ৰণা (গল্প সংকলন), মঞ্জু দত্ত গোহাঁই,

১০) অনুভৱীৰ অনুভৱ (কবিতা সংকলন), অমৰেন্দ্ৰ কিশোৰ ৰাজখোৱা,

১১) সপোনৰ সমাধিত আশাৰ বালিঘৰ(উপন্যাস), দিপ্তী নাথ,

১২) ফাগুন মোৰ আজন্ম প্ৰেমিক (কবিতা সংকলন), ৰূপা দত্ত,

১৩) জীৱন তৃষ্ণা (কবিতা সংকলন), তৰুণ জ্যোতি ফুকন,

১৪) অণুগল্প (অণুগল্প সংকলন), ৰূপা দত্ত,

১৫) 'ঈশ্বৰ আৰু বিশ্বাস', লৱনু শইকীয়া,

১৬) তোমাক বিচাৰো জোনে চটিওৱা জোনাকৰ মাজত, (কাব্য সংকলন), কুমকুম শৰ্মা

১৭) 'আত্মা আৰু ঈশ্বৰ' পংকজ কুমাৰ দাস,

১৮) গোপীৰ প্ৰেম (কাব্য সংকলন), কৌশল্যা বায়ন হাজৰিকা।

ইপিনে গ্ৰন্থ প্ৰকাশকৰ আগ্ৰহীসকলক হোৱাটছ এপ নম্বৰ ৬০০৩১৫৯০৪৮ অথবা ৭০০২২৬৭৫২৩ ত শীঘ্ৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দিগদৰ্শন প্ৰকাশনে।