টে’ট শিক্ষক ভিক্টৰ দাসৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিলে যদিও গোচৰৰ বিপৰীতে কোনো তথ্য প্ৰমাণেই লাভ নকৰিলে৷ ভিক্টৰ দাসৰ বিৰুদ্ধে অভিযোগৰ কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰাত অৱশেষত চৰকাৰৰ বিৰুদ্ধে মাত মাতি গ্ৰেপ্তাৰ হোৱা ভিক্টৰৰ পূৰ্ণাংগ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ টে’ট শিক্ষক আৰু স্ক’ৰডেমী নামৰ এটা ক’চিং চেণ্টাৰৰ প্ৰশিক্ষক ভিক্টৰ দাসে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ চাকৰিৰ নামত প্ৰাক্তন বিধায়কৰ নেতৃত্বত বিশেষ চক্ৰই ৩-৮ লাখ টকাকৈ সংগ্ৰহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ সামাজিক মাধ্যমত এই অভিযোগ কৰিছিল যদিও আৰক্ষীয়ে গুৱাহাটীৰ পাণবজাৰ থানালৈ ভিক্টৰক মাতি নি জেৰা কৰাত ভিক্টৰৰ চাকৰিৰ বজাৰৰ দৰদামত জড়িত বুলি দাবী কৰি ৯১০১৪-২২৩৩৮ নম্বৰৰ এটা মোবাইল নম্বৰো অভিযোগকাৰী ভিক্টৰে তদন্তকাৰী আৰক্ষীক দাখিল কৰিছিল৷ কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে ভিক্টৰৰ অভিযোগৰ সত্যতা নাই বুলি দাবী কৰি ওলোটাই পাণবজাৰ থানাত দণ্ডবিধিৰ ১৫৩ [এ] আৰু ৫০৫ ধাৰাত ভিক্টৰক গ্ৰেপ্তাৰ কৰে৷ আশ্চৰ্যজনক বিষয়টো হৈছে ভিক্টৰে চাকৰিৰ নামত অনিয়মৰ অভিযোগ কৰিছিল যদিও আৰক্ষীয়ে ওলোটাই অভিযোগকাৰী ভিক্টৰকহে দুটা ফৈদৰ মাজত ধৰ্মীয় ঘৃণা বিয়পোৱাৰ ষড়যন্ত্ৰ আৰু ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷ আনকি ভিক্টৰক গ্ৰেপ্তাৰ কৰি পাঁচ দিনৰ বাবে নিজৰ জিম্মাতলৈও জেৰা কৰে আৰক্ষীয়ে৷ অৱশ্যে অসম চৰকাৰ তথা আৰক্ষীয়ে আক্ৰোশমূলকভাৱে অভিযোগকাৰীজনকে অভিযুক্ত সজোৱাত বিনা পাৰিশ্ৰমিকৰে আইনী যুঁজ চলোৱাৰ বাবে ভিক্টৰৰ জামিন বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হয় জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই৷ অধিবক্তা অংশুমান বৰাৰ যুক্তি শুনি বিগত ১৬ ছেপ্টেম্বৰত ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি তদন্তকাৰী আৰক্ষীৰ পৰা কেচ ডায়েৰী তলব কৰে উচ্ছ ন্যায়ালয়ে৷ সেই অনুসৰি শুকুৰবাৰে উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে কেচ ডায়েৰী পৰীক্ষা কৰি ভিক্টৰক গ্ৰেপ্তাৰ তথা আৰোপ কৰা ধাৰাৰ কোনো যুক্তিযুক্ততা বিচাৰি নাপাই ভুক্তভোগী শিক্ষকজনৰ পূৰ্ণাংগ জামিন মঞ্জুৰ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેડામાં CCCના બોગસ પ્રમાણપત્રના સૌથી મોટા કૌભાંડનો પર્દાફાશ
ખેડામાં CCCના બોગસ પ્રમાણપત્રના સૌથી મોટા કૌભાંડનો પર્દાફાશ
તરસાલી મર્ડરને લઈ આજે પરિવારના સભ્યો કલેકટર કચેરી ખાતે ભેગા થઈ કલેકટરને આવેદનપત્ર આપ્યું
તરસાલી મર્ડરને લઈ આજે પરિવારના સભ્યો કલેકટર કચેરી ખાતે ભેગા થઈ કલેકટરને આવેદનપત્ર આપ્યું
सीएमएचओ डॉ सामर ने श्रमदान और वृक्षारोपण कर सादगी से मनाया जन्मदिन
सीएमएचओ डॉ ओ पी सामर ने शुक्रवार को अपना जन्मदिन स्वास्थ्य भवन में पौधरोपण और श्रमदान कर सादगी से...
ভাৰত 'জোড়ো' অভিযানৰ সময় আহিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ
নতুন দিল্লী, ২২ আগষ্ট। কংগ্ৰেছে চলাবলগীয়া অভিযান 'ভাৰত জোড়ো'ৰ প্ৰচাৰ সময়ৰ প্ৰয়োজন হৈ পৰিছে। এই...