এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে কামৰূপৰ নগৰবেৰাত। জানিব পৰা মতে এগৰাকী স্কুলীয়া ছাত্ৰীক বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাতে মাজ ৰাস্তাৰ পৰা নাটকীয় কায়দাৰে অপহৰণ কৰে নগৰবেৰা নাইটৰৰ আব্দুল ওৱাহাব নামৰ এজন বিবাহিত যুৱকে৷
স্কুলীয়া ছাত্ৰী গৰাকীক অপহৰণ কৰি তামিলনাডুৰ এটা ফেক্টৰীত আত্মগোপন কৰি আছিল লম্পট যুৱক আব্দুল ওহাৱে।
ইফালে কিশোৰী গৰাকীৰ পৰিয়ালৰ মানুহে কিশোৰী গৰাকীক বিচাৰি নাপাই নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষী থানাৰ আৰক্ষী বিষয়া মিৰেল আহমেদৰ নেতৃত্বত নগৰবেৰা আৰক্ষীৰ এটি দলে তদন্ত আৰম্ভ কৰে।
কিন্তু তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে এক গোপন সূত্ৰৰ পমখেদি কিশোৰী গৰাকীৰ তথ্য লাভ কৰে।
লগে লগে নগৰবেৰা আৰক্ষীয়ে তামিলনাডুৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত তামিলনাডুৰ ছিপকোট আৰক্ষী থানাৰ অন্তৰ্গত হচুৰ নামৰ অঞ্চলৰ পৰা আব্দুল ওহাৱৰ লগতে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যেই নগৰবেৰা আৰক্ষীয়ে লম্পট যুৱক আব্দুল ওহাৱক গ্ৰেপ্তাৰ কৰি শনিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে।
ঘটনাটোক লৈ এতিয়া সমগ্ৰ নগৰবেৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷