অহা ১ নৱেম্বৰৰ পৰা তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলঙেৰে যাতায়াত আৰম্ভ হ'ব। শোণিতপুৰ জিলা উপায়ুক্তই এই কথা জানিব দিয়ে।

নতুন দলংখন মুকলি হোৱাৰ পিছৰে পৰা পুৰণি কলিয়াভোমোৰা দলঙেৰে যাতায়াত বন্ধ হ'ব বুলিও জনাইছে উপায়ুক্তগৰাকীয়ে।

যোৱা ৩৫বছৰে ব্যৱহাৰ হোৱা পুৰণি কলিয়াভোমাৰা দলংখনৰ মেৰামতিৰ কাম পহিলা নৱেম্বৰৰ পৰা চলিব আৰু সেয়ে মেৰামতি সম্পূৰ্ণ নোহোৱালৈকে এই দলংখনেৰে যাতায়াত বন্ধ থাকিব।

উল্লেখ্য যে, গেমন ইণ্ডিয়া লিমিটেড কোম্পানীৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে এই দলংখন। 

একমাত্ৰ উত্তৰ পাৰত অৱস্থিত এই দলংখনৰ নিৰ্মাণে বিশেষ গুৰুত্ব লাভ কৰিছে। কিয়নো এই দলঙৰ পৰা বিশেষকৈ সলুৰক্ষা বাহিনীৰ লোক উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।