ছত্তীশগড়ৰ ৰায়গড় জিলাত বজ্ৰপাতৰ ফলত মাতৃ-কন্যাসহ তিনিজন লোকৰ মৃত্যু হৈছে। শনিবাৰে আৰক্ষী বিষয়াই এই তথ্য প্ৰদান কৰে।

ৰায়গড় জিলাৰ লেলুংগা আৰক্ষী থানা এলেকাৰ কেশলা গাঁৱত শুকুৰবাৰে বজ্ৰপাতৰ ফলত খুলাছো সাৰথি (৬০), তেওঁৰ কন্যা কমলা সাৰথি (৩০) আৰু গাঁৱৰে সুখীৰাম বঞ্জৰা (৩৪) নামৰ আন এগৰাকীৰ মৃত্যু হয়।

আৰক্ষীয়ে জানিব দিয়া মতে, লেলুংগাৰ পৰা ১০ কিলোমিটাৰ দূৰত থকা কেশলা গাঁৱৰ গাঁওবাসীয়ে কিছু কামৰ বাবে গাঁৱৰ খেতিপথাৰত আছিল আৰু সেই সময়তে ধাৰাসাৰ বৰষুণ আৰম্ভ হয়।

গাঁওবাসীয়ে বৰষুণৰ পৰা হাত সাৰিবলৈ পুখুৰীৰ পাৰত অৱস্থিত এটা মন্দিৰলৈ যায় আৰু তেতিয়াই বজ্ৰপাত পৰে। এই ঘটনাত খুলাছো, কমলা আৰু সুখীৰামৰ থিতাতে মৃত্যু হয়।

বিষয়াসকলে জনোৱা মতে, গাঁওবাসীয়ে যেতিয়া ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দল এটাক সেই স্থানলৈ প্ৰেৰণ কৰা হয়। পিছত আৰক্ষীৰ দলটোৱে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বিষয়াসকলে জনোৱা মতে, আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।