শিৱসাগৰঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৱা ৭ মাৰ্চ শুক্ৰবাৰৰ পৰা শিৱসাগৰ জিলাতো অসম চৰকাৰৰ নিৰ্দেশমর্মে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ১৪ মার্চলৈকে স্বচ্ছতা অভিযান কার্য্যসূচী পালন কৰাৰ বিষয়ে জানিব পৰা গৈছে ৷ উল্লেখ যে, স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে অৱগত কৰা অনুসৰি শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্য্যালয় প্রাংগণত গছপুলি ৰোপনেৰে উক্ত কার্য্যসূচীৰ শুভাৰম্ভণি কৰা হয়। শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতাৰ লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰঞ্জিত হাজৰিকাইয়ো গছপুলি ৰোপন কৰি অভিযান মুকলি কৰে । বিশেষকৈ এই অভিযানৰ লক্ষ্য হ'ল চিকিৎসালয়সমূহৰ চৌহদত পৰি থকা আৱৰ্জনা, অ-প্রয়োজনীয় সামগ্রীসমূহ এক নির্দিষ্ট স্থানত ৰখাৰ ব্যৱস্থা কৰা, স্বচ্ছতা অভিযানৰ পিছত চিকিৎসালয়ৰ চৌহদত পৰি থকা আৱৰ্জনা, চিকিৎসাৰ কার্য্যত ব্যৱহাৰ হোৱাৰ পিছত পেলনীয়া সামগ্রীসমূহ জিলা নিষ্কাশন সমিতিৰ দ্বাৰা নিষ্কাশনৰ কাম অব্যাহত ৰখাৰ ব্যৱস্থা কৰা আৰু প্ৰতিখন চিকিৎসালয় সম্পূৰ্ণ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত সক্ৰিয় ব্যৱস্থা কৰা । আনহাতে গছপুলি ৰোপনৰ পিছতে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে হাতে হাতে ঝাড়ু লৈ স্বচ্ছতাৰ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ বিষয়ে বিভাগীয় কতৃপক্ষই জানিবলৈ দিছে ৷ উল্লেখযোগ্য যে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগে জিলাই জিলাই হাতত লোৱা এনে পদক্ষেপে চিকিৎসালয়সমূহত স্বচ্ছতাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ ৰচনা কৰিবনে নকৰে সেইয়া আগন্তুক সময়ত লক্ষণীয় হ’ব ৷