বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস, চিমেন প্ৰাথমিক বড়ো সাহিত্য সভাৰ ২৩ সংখ্যক বছৰেকীয়া অধিৱেশন আৰু চিমেন আঞ্চলিক আবৌফৰ ১৪ সংখ্যক বছৰেকীয়া অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ 

দায়িত্ব অৰ্পণ

বড়ো সাহিত্য সভাৰ চিমেন প্ৰাথমিক সমিতিৰ উদ্যোগত আজি জয়পুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। চিমেন প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি মাওফুংসা ৰামচিয়াৰীয়ে সভাপতিত্বত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই চিমেন প্ৰাথমিক বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক অমেশ ব্ৰহ্মই। সভাত উপস্থিত থাকি চিমেন প্ৰাথমিক বড়ো সাহিত্য সভাৰ উপদেষ্টা ললিত চন্দ্ৰ বড়োয়ে কয় এক ঐতিহাসিক ক্ষণত ভাষা- সাহিত্যনুৰাগী পুৰুষ সকলৰ একান্ত চেষ্টাৰ ফলত বড়ো সাহিত্য গঠন হৈছিল বুলি উল্লেখ কৰি বড়ো সাহিত্য সভাই ইতিমধ্যে স্বৰ্ণীল ৭১ বৰ্ষত ভৰি দিব। ১৫ আৰু ১৬ নৱেম্বৰ তাৰিখে জয়পুৰ গাঁৱত বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে চিমেন প্ৰাথমিক বড়ো সাহিত্য সভাৰ ২৩ সংখ্যক বছৰেকীয়া অধিৱেশনৰ উপৰি চিমেন আঞ্চলিক আবৌফৰ ১৪ সংখ্যক অধিৱেশনখন সফলভাৱে অনুষ্ঠিত কৰি বড়ো সভাৰ লগতে আবৌফৰ ভৱিষ্যৎ কাৰ্য্যপন্থা শক্তিশালী ৰূপত তুলি ধৰিব লাগিব বুলি বক্তব্য আগবঢ়ায়। অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, জোনাই মহকুমা সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৈলাও মুছাহাৰী, শিক্ষক হেমেশ্বৰ বড়ো উপস্থিত থকা সভাত অহা ১৫ আৰু ১৬ নৱেম্বৰত চিমেন চাপৰিৰ জয়পুৰ গাঁৱত অনুষ্ঠিত কৰিবলৈ লোৱা বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে চিমেন প্ৰাথমিক বড়ো সাহিত্য সভাৰ ২৩ সংখ্যক অধিৱেশন আৰু চিমেন আঞ্চলিক আবৌফৰ ১৪ সংখ্যক বছৰেকীয়া অধিৱেশনৰ বিমল মুছাহাৰীক সভাপতি আৰু মনোজ বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা অভ্যৰ্থনা সমিতিখনক আজি আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয়।

ফটো দিছো