২০২১-২২ বিত্তীয় বৰ্ষৰ ১ লাখ ৪৭ হাজাৰ টকাৰ আঁচনিৰে নিৰ্মিত গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ প্ৰথমটো প্ৰধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ)ৰ গৃহৰ কালি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়।ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টকৌবাৰী গাঁও পঞ্চায়তৰ গাঁনুগাঁও(৮নং ৱাৰ্ড)ৰ গজলীয়া মিলি নামৰ হিতাধীকাৰী গৰাকীয়ে লাভ কৰা আঁচনিৰ ধনেৰে নিৰ্মাণ কৰা গৃহটো নিৰ্ধাৰিত সময়ৰ আগতেই নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়।মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত চাংঘৰৰ আৰ্হিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা গৃহটোৰ আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰি হেলেম মণ্ডল বিজেপিৰ সভাপতি নিৰণ হাজৰিকাই কয় যে চৰকাৰী ধনৰ সঠিক আৰু উপযুক্ত ব্যৱহাৰ কৰি অতি কম দিনৰ ভিতৰতে সুন্দৰকৈ নিৰ্মাণ কৰি উলিওৱা উক্ত গৃহটোৱে এক আদৰ্শৰ চানেকি তুলি ধৰিছে।এই গৃহটোৰ দৰেই বাকী গৃহ সমূহো নিখুঁতভাবে নিৰ্মাণ কৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী হিতাধীকাৰীয়ে যাতে আন্তৰিকতাৰে মনোনিবেশ কৰে তাৰ বাবে আশা প্ৰকাশ কৰে নিৰণ হাজৰিকাই।অনুষ্ঠানটোত উপস্থিত থাকি টকৌবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী চম্পা বস্নেতে কয় যে গজলীয়া মিলিৰ দৰে বাকী হিতাধীকাৰী সকলেও এনেদৰে গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলে প্ৰধান মন্ত্ৰীৰ আবাস যোজনাৰ আঁচনিখনে সঠিক লক্ষ্যত উপনিত হৈ সফল ৰূপ পাব।নিজৰ পঞ্চায়তটোত ২০২১-২২ বিত্তীয় বৰ্ষৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ এলেকাৰ প্ৰথমটো গৃহৰ শুভ উদ্বোধন কৰিবলৈ পায় যথেষ্ট সুখী বুলি ভাষণত উল্লেখ কৰে সভানেত্ৰী চম্পা বস্নেতে।উক্ত অনুষ্ঠানত হেলেম মণ্ডল কৃষাণ মৰ্চাৰ সভাপতি ৰত্ন বস্নেত, হেলেম মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰাজু বৰা,টকৌবাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ অপূৰ্ব নাৰ্জাৰী,১৩ আৰু ১৪ নং বুথৰ বুথ সভাপতি ক্ৰমে পুস্প নেওপানে আৰু কম্বেশ্বৰ পগাগ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
25 सितंबर से 4 अक्टूबर तक का मौसम, बंगाल की खाड़ी में फिर बनेगा नया सिस्टम, फिर होगी मूसलाधार बारिश।
25 सितंबर से 4 अक्टूबर तक का मौसम, बंगाल की खाड़ी में फिर बनेगा नया सिस्टम, फिर होगी मूसलाधार बारिश।
Israeli troops hit 150 underground Hamas sites in Gaza: IDF
Israel v/s Hamas war:
Israeli troops hit 150 underground Hamas sites in Gaza: IDF
ધોરાજીમાં ભાજપ, કોંગ્રેસ અને આપ વચ્ચે જામશે ત્રિપાંખીયો નો જંગ
ધોરાજીમાં ભાજપ, કોંગ્રેસ અને આપ વચ્ચે જામશે ત્રિપાંખીયો નો જંગ
बीड बस स्थानकासमोर मटका अड्ड्यावर धाड; 13 जुगारी ताब्यात@india report
बीड बस स्थानकासमोर मटका अड्ड्यावर धाड; 13 जुगारी ताब्यात@india report