শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু মাত্ৰ দুটা দিন বাকী৷ দুৰ্গা পূজাক লৈ মৃৎ শিল্পীসকলৰ লগতে উদ্যোক্তাসকলৰো ব্যস্ততাৰ অন্ত নাই৷ মৃৎ শিল্পীসকলে মহিষমৰ্দিনী দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰাৰ লগতে উদ্যোক্তাসকলেও কোনো অসুবিধা নোহোৱাকৈ পূজা উদ্যাপনৰ বাবে ভক্ত তথা ব্যৱসায়ীৰ পৰা দান-বৰঙণি সংগ্ৰহত নামি পৰিছে৷ অৱশ্যে ঠাই বিশেষে পূজাৰ নামত একাংশই বিভিন্ন বাৱসায়ীৰ পৰা বলপূৰ্বক চান্দা সংগ্ৰহত নামি পৰিছে৷ কিন্তু পূজাৰ চান্দাৰ নামত ব্যৱসায়ীক বলপূৰ্বক ধন দাবী কৰিলে এইবাৰ বিপদত পৰাৰ আশংকা ঘণীভূত হৈছে৷ কিয়নো, শাৰদীয় দুৰ্গা পূজা উদ্যাপনৰ নামত উদ্যোক্তাসকলক চান্দা অপসংস্কৃতিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ পূজাৰ চান্দাৰ নামত টকা বিচাৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজৰ হিতকৰ কাৰ্য নহয় বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সকলো ৰাইজকে চান্দা অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প লোৱাৰ বাবে সহযোগিতাৰ আহ্বান জনাইছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত ব’হাগ বিহুৰ সময়তো চান্দা নিষিদ্ধ ঘোষণা কৰিছিল৷ অসমীয়াৰ বাপোতি সাহোন বিহু উদ্যাপনত দান-বৰঙণি সংগ্ৰহত মুখ্যমন্ত্ৰীয়ে বাধা আৰোপ কৰাত সেই সময়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ অৱশ্যে, শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্ততো চান্দা অপসংস্কৃতিৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱাত পূজা উদ্যোক্তাসকল যে সমস্যাৰ সন্মুখীন হ’ব সেয়া নিশ্চিত৷ তাৎপৰ্যপূৰ্ণভাৱে ইতিপূৰ্বে অনা অসমীয়া ব্যৱসায়ীৰ পৰা চান্দা সংগ্ৰহ কৰা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ কেইবাজনো নেতা-কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেখা গৈছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DAE-Civil Hospital Cancer Wing, Civil Hospital Shillong: OPD Facility & Day Care Facility inaugurated
Shillong: James P K Sangma, Health & Family Welfare Minister today inaugurated the DAE-Civil...
કાલોલ નગરપાલીકા દ્વારા પુનઃ દબાણો હટાવવા
કાલોલ નગરપાલીકા દ્વારા પુનઃ દબાણો હટાવવા માટે ની કવાયતો હાથ ધરવામાં આવી નગરપાલીકા પાસે ઉભી રહેતી...
भारत में बैठकर पाकिस्तानी क्रिकेटर Mohammad Rizwan ने गाजा का किया समर्थन | Major Gaurav Arya
भारत में बैठकर पाकिस्तानी क्रिकेटर Mohammad Rizwan ने गाजा का किया समर्थन | Major Gaurav Arya
TVS iQUBE खरीदने से पहले जान लें ये 10 खास बातें ! #tvs #prabhatkhabar
TVS iQUBE खरीदने से पहले जान लें ये 10 खास बातें ! #tvs #prabhatkhabar