গুজৰাট চলি থকা নেশ্যনেল গেমছত ১০০ মিটাৰ দৌৰৰ ছেমিফাইনেলত ১০.২৮ ছেকেণ্ডেৰে গেমছ অভিলেখ স্থাপন কৰি অসম সন্তান অম্লান বৰগোঁহাইয়ে ফাইনেলত প্ৰৱেশ কৰিছে।
ইফালে মহিলাৰ ১০০ মিটাৰ শাখাতো ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে ফাইনেলত স্থান নিশ্চিত কৰিছে।
এই দুয়েগৰাকী স্প্ৰীণ্টাৰে অসমৰ বাবে পদক কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি অসমবাসী নিশ্চিত।
 
  
  
  
   
   
  