আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে শুকুৰবাৰে ঘোষণা কৰে যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ বিজয়ী দলটোক ১৬ লাখ মাৰ্কিন ডলাৰ (প্ৰায় ১৩ কোটি টকা) পুৰস্কাৰ প্ৰদান কৰা হ’ব।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
আই চি চিয়ে ডুবাইত জাৰি কৰা এক বিবৃতিত কয় যে ৰানাৰ্ছ আপ দলটোৱে বিজয়ী দলটোৱে লাভ কৰা পুৰস্কাৰৰ আধা ধন লাভ কৰিব।
এই প্ৰতিযোগিতাত ১৬টা দলে অংশগ্ৰহণ কৰিব আৰু ই প্ৰায় এমাহলৈকে চলিব। প্ৰতিযোগিতাখনৰ মুঠ পুৰস্কাৰৰ ধন ৫৬ লাখ মাৰ্কিন ডলাৰ। ইয়াৰে ছেমি ফাইনেলত পৰাস্ত হোৱা দল দুটাই লাভ কৰিব ৪ লাখ ডলাৰকৈ।
ইফালে ছুপাৰ ১২ পৰ্যায়ৰ পৰা বাহিৰ হোৱা আঠটা দলৰ প্ৰতিটো দলে পুৰস্কাৰ হিচাপে লাভ কৰিব ৭০ হাজাৰ ডলাৰ।
প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হোৱা চাৰিটা দলৰ প্ৰতিটো দলে লাভ কৰিব ৪০ হাজাৰ ডলাৰ।
উল্লেখ্য যে অষ্ট্ৰেলিয়াত ১৬ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ।