বিজেপিয়ে আন বিৰোধী ৰাজনৈতিক দলৰ নেতা সমূহক বিভিন্ন প্ৰলোভন দেখুৱাই নিজৰ দলত স্থান দিয়াৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এইবাৰ হিমাচল প্ৰদেশ কংগ্ৰেছৰ এগৰাকী বিধায়কে বিজেপি সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰিছে।

ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক বিক্ৰমাদিত্য সিঙে বৃহস্পতিবাৰে কয় যে আগন্তুক হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতাসকলক ক্ৰয় কৰিবলৈ বিজেপিয়ে ৫০০ কোটি টকাৰ ৰাখি থৈছে।

‘যদি বিজেপিৰ সংগঠন শক্তিশালী হয় তেন্তে দিনৰ পোহৰত বিজেপিয়ে কিয় এনে ডকাইতি কাৰ্যকলাপ কৰি আছে?’ বিজেপিক সমালচোনা কৰি সিঙে এইদৰে কয়।

তেওঁ লগতে কয় যে, বিজেপিয়ে আমাৰ ৰাজ্যত যিমানেই এইধৰণৰ কাৰ্যকলাপ নকৰক কিয় কংগ্ৰেছ দলৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে।