গোলাঘাটৰ মহিমা চাহ বাগিচাৰ ৱেলফেয়াৰ অফিচাৰ উপৰত দুৰ্বৃত্তৰ আক্ৰমন

শুক্ৰবাৰে সন্ধিয়া কৰ্ম স্থলীৰ পৰা নিজ ঘৰলৈ উভতি অহা মূহুৰ্তত একে চাহ বাগিচাৰ অনন্ত তাঁতী নামৰ কৰ্মী জনে চুকা অস্ত্ৰৰে কেশৱ কৰ্মকাৰক ঘপিয়াই ঘটনা স্থলীৰ পৰা পলায়ন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ

গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কেশৱ কৰ্মকাৰ নামৰ এই ৱেল্ফেয়াৰ অফিচাৰ জনক ততাতয়াকৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আঘাতপ্ৰাপ্ত কেশৱ কৰ্মকাৰৰ অবস্থা সংকটজনক প্ৰত্যক্ষ কৰাৰ পিছত চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পতাললৈ প্ৰেৰণ কৰিছে।