চাৰি বন্ধুৰ মৰমৰ আপদাৰত আপ্লুত অভিযন্তা কৃষ্ণ পেগুঃ মাজুলী বিদুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ পেগুৱে চাকৰি জীৱনৰ পৰা আজি অৱসৰ গ্ৰহণ কৰে। চৰকাৰী নীতি অনুসৰি অৱসৰ গ্ৰহণ কৰা অভিযন্তা গৰাকীক চাকৰি জীৱনৰ শেষ সন্ধ্যা বিদায় সম্বৰ্দ্ধনা জনোৱাৰ লগতে মাজুলীক সন্মুখৰ পৰা নেতৃত্ব বহন কৰি সমাজৰ উন্নয়নৰ হকে আত্মনিয়োগ কৰিবলৈ সাহস আৰু অনুপ্ৰেৰণা যোগায় ক্ৰমে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন বৰা, ৰতনপুৰ মিৰি একাডেমীৰ প্ৰধান শিক্ষক বিপুল খনিকৰ, বৰবিল হাইস্কুলৰ সহঃ প্ৰধান শিক্ষক সঞ্জীৱ কুমাৰ দত্ত আৰু সমাজকৰ্মী তথা নতুন বজাৰ ব্যৱসায় সন্থাৰ সম্পাদক সুভাষ দেয়ে। চাৰি বন্ধুৱে আজি সন্ধা ৬ বজাত নতুন বজাৰস্থিত খনিকৰ ফাৰ্মাচিত অনুষ্টুপিয়াকৈ আয়োজন কৰা এটি অনুষ্ঠানত বিদায়ী অভিযন্তা গৰাকীক ফুলাম গামোচা আৰু সফুৰাৰে চেনেহ ভৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। চাৰি বন্ধুৰ মৰমৰ সম্ভাষণ আৰু চেনেহৰ টোপলা গ্ৰহণ কৰি সদায়েই সমাজৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কৃষ্ণ পেগুৱে। উল্লেখ্য যে বিদায়ী বিষয়া গৰাকীয়ে মাজুলীৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্রোতভাবে জড়িত হৈ কাম কৰি অহাৰ লগতে নতুন বজাৰস্থিত উজনি মাজুলী মিলন সংঘ প্ৰতিষ্ঠা, নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চ প্ৰতিষ্ঠাত বিশেষ ভূমিকা পালন কৰি এগৰাকী নিষ্ঠাবান সাংস্কৃতিক কৰ্মী হিচাপেও পৰিচয় দি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गुजरात मध्ये पडलेल्या पडलेल्या पुलाचा चित्त थरारक सीसीटीव्ही फुटेज
गुजरात मध्ये पडलेल्या पडलेल्या पुलाचा चित्त थरारक सीसीटीव्ही फुटेज
বঙাইগাঁও কোকিলাত গাওঁ সভা
বঙাইগাঁও ৩ অক্টোবৰঃ--বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং...
দলগাওঁ শিয়ালমাৰী শিশু উন্নয়ন প্ৰকল্পত ব্লক পৰ্যায়ৰ পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভ উদ্বোধন।
১ চেপ্তেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা পোষণ মাহ উদযাপন কাৰ্যসূচীমতে দৰঙৰ দলগাওঁ...
ડીસાના લક્ષ્મીપુરાના ખેડૂતને કોર્ટે ચેક રીટર્ન કેસમાં બે વર્ષની કેદની સજાનો હુકમ ફટકાર્યો
ડીસા તાલુકાના લક્ષ્મીપુરા ગામના ખેડૂતે બરોડા ગુજરાત ગ્રામીણ બેંકમાંથી વર્ષ 2018 માં 25 લાખની લોન...
ಕೆ.ಪಿ.ಟಿ.ಸಿ.ಎಲ್ ಮತ್ತು ಎಸ್ಕಾಂಸ್ ಹೊರ ಗುತ್ತಿಗೆ ನೌಕರರ ವಿವಿಧ ಬೇಡಿಕೆಗಳನ್ನು ಈಡೇರಿಸಬೇಕು, ಇಲ್ಲವಾದಲ್ಲಿ ಜನವರಿ 28ರಂದು ರಾಜ್ಯದಾದ್ಯಂತ 'ವಿದ್ಯುತ್ ಬಂದ್' ಮಾಡುತ್ತೇವೆ ಎಂದು ಗೌರವಾಧ್ಯಕ್ಷರಾದ ಮೇಲುಕೋಟೆ ಬೆಟ್ಟಸ್ವಾಮಿ ಗೌಡ ಅವರು ಎಚ್ಚರಿಕೆ ನೀಡಿದರು.
ಜನವರಿ 4, 2025
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಕೆ.ಪಿ.ಟಿ.ಸಿ.ಎಲ್. ಮತ್ತು ಎಸ್ಕಾಂಸ್ ಹೊರ ಗುತ್ತಿಗೆ ನೌಕರರ...