ৰাজ্যৰ ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত জন্ম লাভ কৰা আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ অন্যতম সাধাৰণ সম্পাদক লোহিত গগৈয়ে আজি দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে৷ ইতিমধ্যে লোহিত গগৈয়ে তেখেতৰ পদত্যাগ পত্ৰ দলটোৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈলৈ প্ৰেৰণ কৰিছে৷ সদ্য পদত্যাগী সাধাৰণ সম্পাদকগৰাকীয়ে তেখেতৰ পদত্যাগ পত্ৰখনত উল্লেখ কৰা অনুসৰি, দলটোৰ জন্মলগ্নৰে পৰা সংগ্ৰামী ধাৰা অব্যাহত ৰাখি সাধাৰণ সম্পাদক মণ্ডলীৰ এজন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিলো৷ কিন্তু শেহতীয়াকৈ এগৰাকী সাধাৰণ সম্পাদক হিচাপে দলটোৰ সাংগঠনিক কাম-কাজত যেনেধৰণে মনোনিৱেশ কৰিব লাগিছিল ঠিক তেনেধৰণে আগবাঢ়িব নোৱাৰাত ৰাজনৈতিক পথাৰখনৰ পৰা অব্যাহতি লোৱাৰ বহিৰে কোনো বিকল্প পথ নাই৷ ফলত দলটোৰ সাধাৰণ সম্পাদকৰ দৰে এক গধুৰ দায়িত্বৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও আজি পদত্যাগ কৰিলো৷ দলটোৰ উত্তৰণৰ ক্ষেত্ৰত অনাগত দিনত এজন শুভাকাংশী হিচাপে সহযোগিতা থাকিব বুলিও লগতে উল্লেখ কৰে গগৈয়ে৷ উল্লেখ্য যে, বিগত ২০২১ চনৰ বিধান সভা নিৰ্বাচনত উজনিৰ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ পৰা গগৈয়ে ‘ৰাইজৰ দল’ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও চতুৰ্থ স্থানতে সন্তোষ্ট থাকিব লগা হৈছিল৷ দীৰ্ঘদিন ধৰি জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ‘ৰাইজৰ দল’ত যোগদান কৰা লোহিত গগৈয়ে দলটোৰ পৰা পদত্যাগ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ऐसे हुई थी ISRO की शुरुआत | Chandrayaan | ISRO History | Tarikh E540
ऐसे हुई थी ISRO की शुरुआत | Chandrayaan | ISRO History | Tarikh E540
મહીસાગર નદી બે કાંઠે વહેતી થઈ
#buletinindia #gujarat #kheda
बच्चों की चोरी की बढ़ती घटनाएं: अब सतर्क रहने का समय है
आजकल न्यूज और सोशल मीडिया में एक खबर बार-बार सामने आ रही है — बच्चों की चोरी। ये घटनाएं न...
कृष्णा सुन्दरकाण्ड समिति व सदस्यों द्वारा 101 क्विंटल हरा चारा किया भेंट
कृष्णा सेवा संस्थान की शाखा कृष्णा सुन्दर कांड समिति द्वारा 101 क्विंटल हरा चारा गौ सेवा के लिए...