ৰাজ্যৰ ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত জন্ম লাভ কৰা আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ অন্যতম সাধাৰণ সম্পাদক লোহিত গগৈয়ে আজি দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে৷ ইতিমধ্যে লোহিত গগৈয়ে তেখেতৰ পদত্যাগ পত্ৰ দলটোৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈলৈ প্ৰেৰণ কৰিছে৷ সদ্য পদত্যাগী সাধাৰণ সম্পাদকগৰাকীয়ে তেখেতৰ পদত্যাগ পত্ৰখনত উল্লেখ কৰা অনুসৰি, দলটোৰ জন্মলগ্নৰে পৰা সংগ্ৰামী ধাৰা অব্যাহত ৰাখি সাধাৰণ সম্পাদক মণ্ডলীৰ এজন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিলো৷ কিন্তু শেহতীয়াকৈ এগৰাকী সাধাৰণ সম্পাদক হিচাপে দলটোৰ সাংগঠনিক কাম-কাজত যেনেধৰণে মনোনিৱেশ কৰিব লাগিছিল ঠিক তেনেধৰণে আগবাঢ়িব নোৱাৰাত ৰাজনৈতিক পথাৰখনৰ পৰা অব্যাহতি লোৱাৰ বহিৰে কোনো বিকল্প পথ নাই৷ ফলত দলটোৰ সাধাৰণ সম্পাদকৰ দৰে এক গধুৰ দায়িত্বৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও আজি পদত্যাগ কৰিলো৷ দলটোৰ উত্তৰণৰ ক্ষেত্ৰত অনাগত দিনত এজন শুভাকাংশী হিচাপে সহযোগিতা থাকিব বুলিও লগতে উল্লেখ কৰে গগৈয়ে৷ উল্লেখ্য যে, বিগত ২০২১ চনৰ বিধান সভা নিৰ্বাচনত উজনিৰ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ পৰা গগৈয়ে ‘ৰাইজৰ দল’ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও চতুৰ্থ স্থানতে সন্তোষ্ট থাকিব লগা হৈছিল৷ দীৰ্ঘদিন ধৰি জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ‘ৰাইজৰ দল’ত যোগদান কৰা লোহিত গগৈয়ে দলটোৰ পৰা পদত্যাগ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Daily રાશિફળ
મેષ
નોકરી-ધંધાની બાબતો અંગે પ્રગતિકારક
યોગ્ય મદદ મેળવી શકશો, કૌટુંબિક ક્ષેત્રે સમજણ...
ডিমৌ আমলাগুৰি চাহ বাগিচাত বিনামুলীয়া চাউলৰ পৰা বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ।
আমলা গুৰি চাহ বাগিচাত বিনামুলীয়া চাউলৰ পৰা।বঞ্চিত হিতাধিকাৰী শ্ৰমিক সকলে আজি উত্তাল প্ৰতিবাদ...
Box Office Report: भोला और दसरा की कमाई जारी, 100 करोड़ के पार पहुंचा कलेक्शन, सामंथा की शाकुंतलम का निकला दम
Bholaa, Dasra, Shaakuntalam, Ravanasura Box Office Report: सिनेमाघरों में इन दिनों कई सारी...
જૂની પેન્શન યોજના શરૂ કરવા અને ફિક્સ પગાર પ્રથા બંધ કરવાની માંગ સાથે કેશોદમાં કર્મચારીઓની રેલી
જૂની પેન્શન યોજના શરૂ કરવા અને ફિક્સ પગાર પ્રથા બંધ કરવાની માંગ સાથે કેશોદમાં કર્મચારીઓની રેલી
अमेरिकी अर्थव्यवस्था में मंदी के आसार के साथ ही शेयर बाजार धड़ाम,रुपया भी निचले स्तर पर आया
अमेरिका में मंदी की आशंका और बांग्लादेश में तख्तापलट की खबर पूरी दुनिया के शेयर बाजार को ले डूबी।...